Begin typing your search above and press return to search.

গুৱাহাটী মহানগৰীত শিক্ষকৰ ৰূপত এজন কেবিনেট মন্ত্ৰী

গুৱাহাটী মহানগৰীত শিক্ষকৰ ৰূপত এজন কেবিনেট মন্ত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2018 11:31 AM GMT

২০১৮ বৰ্ষৰ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনটোত শিক্ষকৰ ৰূপত দেখা গ'ল অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক। ৰাতিপুৱাই লতাশিল প্ৰাথমিক বিদ্যালয়ত পৰ্যবেক্ষকৰ ৰূপত উপস্থিত হয় শিক্ষা মন্ত্ৰী গৰাকী । লতাশিল প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশক দেখি বাৰুকৈয়ে উৎফুল্লিত হোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ শিকাৰ আগ্ৰহ আছে বুলি সদৰি কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে ।

অসমৰ বিভিন্ন বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নত কৰাৰ আশ্বাস দিয়াৰ লগতেকম সংখ্যক ছাত্ৰ ছাত্ৰী থকা আৰু একেবাৰে ছাত্ৰ ছাত্ৰী নথকা বিদ্যালসমূহ একত্ৰিত কৰাৰ পৰিকল্পনাৰ কথা সদৰী কৰিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই। অনাগত সময়তো শিক্ষা জগতখনক আগুৱাই যোৱাত সহায়ক হবলৈ ভাবি চিন্তি পদক্ষেপ গ্ৰহণ কৰা হব মন্তব্য কৰে শিক্ষামন্ত্ৰী ভট্টাচাৰ্য‌ই ।

লতাশিল প্ৰাথমিক বিদ্যালয়ত সৰ্বমুঠ ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ১৭৭ জন ছাত্র ছাত্ৰী আৰু ১১ জনীয়া শিক্ষক মণ্ডলী আছে । দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ৰাজ্যৰ ১৭খন জিলাক সামৰি লোৱা হৈছে। ২৪,৫৭৭খন বিদ্যালয়ৰ ১৯,৬৩,৫৬৩গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব দ্বিতীয় পৰ্যায়ৰ গুণোত্‍সৱে। কামৰূপ মহানগৰীৰ প্ৰাথমিক আৰু হাইস্কুলসহ ৬৩৫খন বিদ্যালয়ত অনুষ্ঠিত হ’ব এই গুণোৎসৱ। ৩ নৱেম্বৰলৈ বিদ্যালয়সমূহত চলিব গুণোৎসৱ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ।

Next Story
চাকৰি