Begin typing your search above and press return to search.

গুৱাহাটী ৰেলৱে ষ্টেচনত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাব

গুৱাহাটী ৰেলৱে ষ্টেচনত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2018 7:37 AM GMT

অসমৰ অন্যতম ব্যস্ত ৰেল ষ্টেচন গুৱাহাটী ৰেলৱে ষ্টেচনত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাব পৰিলক্ষিত হৈছে।গুৱাহাটী ৰেলৱে ষ্টেচনত সুৰক্ষাৰ বাবে স্থাপন কৰা যন্ত্ৰপাতি সমূহ ক্ৰমে অচল হবলৈ আৰম্ভ কৰিছে। অলপতে ওদালগুৰি জিলাৰ হৰিশিঙাত গুৱাহাটী-ডেকাৰগাওঁ ইণ্টাৰচিটি এক্সপ্ৰেছত এক বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল। ৰেলগাড়ী খনৰ এটা দবাত এই বিস্ফোৰণটো সংঘটিত হৈছিল।ৰেলগাড়ীখনত কেনেদৰে বিস্ফোৰক পদাৰ্থখিনি সংস্থাপন কৰা হৈছিল সেয়া এক উদ্বেগৰ বিষয়।এই ঘটনা সংঘটিত হোৱাৰ পিছতো গুৱাহাটী ৰেলৱে ষ্টেচনৰ নিৰাপত্তা ব্যৱস্থাত কোনো ধৰণৰ পৰিবৰ্তন দেখা পোৱা নগল।৫ ডিচেম্বৰ বুধবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনত নিৰাপত্তাৰ বাবে স্থাপন কৰা ১৬ টা চিচিটিভিৰ এটাও কাৰ্যক্ষম হৈ

নাছিল।অন্যহাতে ৰেলৱে আৰক্ষী বাহিনীয়ে উল্লেখ কৰে গুৱাহাটী ৰেলৱে ষ্টেচনত ২৪ টা চিচিটিভি স্থাপন কৰা আছে আৰু গোটেই কেইটা কেমেৰাই কাৰ্যক্ষম হৈ আছে।ৰেলৱে আৰক্ষীৰ এটা সুত্ৰই প্ৰকাশ কৰা মতে জেনেৰেটৰ ব্যৱহাৰ কৰাৰ ফলত হাই ভল্টেজৰ বাবে চিচিটিভি সমূহ সঘনে নষ্ট হৈ যায়।

একেধৰণে গুৱাহাটী ৰেলৱে ষ্টেচনত থকা বয়-বস্তু স্কেনাৰ যন্ত্ৰটো প্ৰায় দুবছৰ ধৰি বিকল হৈ আছে। এতিয়া সেই যন্ত্ৰটো ষ্টেচনৰ পৰা আটৰোৱা হৈছে। বৰ্তমানে ষ্টেচনত কোনোধৰণৰ বয়-বস্তু নিৰীক্ষণ কৰা নহয়। এইধৰণেই চলি আছে সদাব্যস্ত গুৱাহাটী ৰেলৱে ষ্টেচনৰ নিৰাপত্তা ব্যৱস্থা।হাজাৰ হাজাৰ যাত্ৰীৰ নিৰাপত্তাৰ নামত ৰেল বিভাগৰ ভেঙুচালিয়ে সচেতন মহলক চিন্তিত কৰি তুলিছে।ৰেল আৰক্ষীয়ে কোনো লোকক সন্দেহ কৰিলেহে

অনুসন্ধান কৰে।ষ্টেচনত ব্যৱহাৰ কৰা মেটেল ডিটেকটৰ দৰ্জাখনো সদ্যহতে অচল হৈ আছে। চেণ্টিনেলক উত্তৰ-পূৱ ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভটাচাৰ্য্যই কয় যে ৰেল ষ্টেচন আৰু বিমান বন্দৰৰ মাজত থকা পাৰ্থক্যটো হল বিমান বন্দৰৰ প্ৰবেশ আৰু প্ৰস্থানৰ দুৱাৰ সীমিত আনহাতে ৰেল ষ্টেচনত অধিক। গুৱাহাটী ৰেল ষ্টেচনত সাতখন প্ৰবেশ আৰু প্ৰস্থানৰ দুৱাৰ আছে।জনসম্পৰ্কৰক্ষী বিষয়াজনে হৰিশিঙা বিস্ফোৰণৰ পিছত গুৱাহাটী ৰেল ষ্টেচনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা বুলি মন্তব্য কৰে আৰু সাধাৰণ নাগৰিককো কোনো সন্দেহযুক্ত লোকৰ ওপৰত সন্দেহ হলে ৰেল আৰক্ষীক অবগত কৰাৰ বাবে আহ্বান জনায়।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি