
ক্ৰমান্নয়ে অপৰাধীৰ ৰম্যভূমিলৈ পৰিনিত হৈছে গুৱাহাটী ৰে'লৱে ষ্টেচন । আজি দুপৰীয়া ১২ বাজি ২৫ মিনিটত ৰে'ল আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সোণ । ৰেল আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত ১২৩৪৬ নম্বৰৰ শৰাইঘাট এক্সপ্ৰেছৰ ১ নম্বৰ ডবাৰ পৰা জব্দ কৰে ৭৯৯৮.৭৭০ গ্ৰাম ৫ টুকুৰা সোণ । মহাৰাষ্ট্ৰৰ কিৰণ বিশ্বনাথ পাটিল নামৰ লোকজনৰ জব্দ কৰে এই বৃহৎ পৰিমাণৰ সোণখিনি । ইতিমধ্যে ৰে'ল আৰক্ষীয়ে লোকজনক আটক কৰি সীমা শুক্ল বিভাগৰ হাতত গতাই দিয়ে ।