Begin typing your search above and press return to search.

গুৱাহাটী ৰেল ষ্টেচন দেশৰ অন্যতম পৰিস্কাৰ ৰেল ষ্টেচন

গুৱাহাটী ৰেল ষ্টেচন দেশৰ অন্যতম পৰিস্কাৰ ৰেল ষ্টেচন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Aug 2018 7:53 AM GMT

দেশৰ ভিতৰতে গুৱাহাটী ৰেল ষ্টেচন পৰিস্কাৰ ৰেল ষ্টেচন হিচাপে পৰিনিত হৈছে।দেশৰ ৰেল মন্ত্ৰী পিয়ুষ গোয়েলে নতুন দিল্লীত সোমবাৰে তৃতীয় দলৰ ছাৰ্ভে অনুসৰি পৰিস্কাৰৰ ক্ষেত্ৰত গুৱাহাটী ৰেল ষ্টেচনে ২১ নম্বৰ স্থান অধিকাৰ কৰা কথা জানিবলৈ দিয়ে।কোৱালিটি কাউনচিল অৱ ইণ্ডিয়াই অনুস্থিত কৰা ছাৰ্ভেৰ তথ্য অনুসৰি ১০০০ পইন্টৰ ভিতৰত গুৱাহাটী ৰেল ষ্টেচনে ৮৬৩.৮৬ পইন্টেৰে ২১ সংখ্যক স্থান অধিকাৰ কৰা বিপৰীতে ৯৭৭.৯৭ পইন্টেৰে যোধপুৰ ৰেল ষ্টেচনে প্ৰথম আৰু ৯৭২.৩০ পইন্টেৰে জয়পুৰ ৰেল ষ্টেচনে দ্বিতীয় স্থান অধিকাৰ কৰে।দেশৰ ৰেল ষ্টেচন সমূহৰ পাৰ্কিং,অপেক্ষা গৃহ, মূখ্য প্লেটফৰ্ম সমূহত ছাৰ্ভে চলাইছিল। অসমৰ অন্যান্য ৰেল ষ্টেচন যেনে বঙাইগাঁও ৮৪, বৰপেটা ৰোড ১১৫, ৰংগিয়া জংচন ১২০, যোৰহাট ২১৬, শিলচৰ ২৫৬, লামডিং ২৫৯, ডিমাপুৰ ২৬৬, তিনিচুকীয়া ২৯৫ আৰু ডিব্ৰুগড় ৰেল ষ্টেচনে ৩০৫ সংখ্যক স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। দেশৰ ৰেল মণ্ডল সমূহৰ ভিতৰত উত্তৰপূৰ্বাঞ্চলে দশম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

Next Story