Begin typing your search above and press return to search.
গোলাঘাটত গাহৰি ভৰ্তি এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

গোলাঘাট জিলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ৰঙাজানত নিশা গাহৰি ভৰ্তি এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোত প্ৰায় ৮০/৯০ টা গাহৰিৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪০/৫০ টা গাহৰি জীৱিত অৱস্থাতে নোহোৱা হয় অঞ্চলটোৰ পৰা ।
গাড়ীখনৰ চালক আৰু কৰ্মচাৰী সকলে জনোৱা অনুসৰি কেইজনমান দুৰ্বৃত্তই নুমলীগড়ৰ পৰা খেদি অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় । নিশা ধন সংগ্ৰহৰ বাবে নুমলীগড়ত গাড়ী ৰখাইছিল যুৱকৰ এটা দলে । দাবী কৰা ধন নিদি ট্ৰাকখনে পলায়ণ কৰাত ৰঙাজানলৈকে খেদি আহিছিল যুৱক কেইজনে ।
তীব্ৰ বেগত পলায়ন কৰা ট্ৰাকখন অৱশেষত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে । দুৰ্ঘটনাত পতিত হোৱাৰ পিছতো দুৰ্বৃত্তৰ দলটোৱে ধন দাবী কৰি প্ৰহাৰ কৰে চালক আৰু কৰ্মচাৰী কেইজনক । ২২ চকীয়া ট্ৰাকখনত হাৰিয়ানাৰ পৰা ডিমাপুৰলৈ মুঠ ১৮০ টা গাহৰি কঢ়িয়াই আনিছিল ।
Next Story