Begin typing your search above and press return to search.
গোলাঘাটত ছালফা কেডাৰ গ্ৰেপ্তাৰ

ছালফা কেডাৰ অমৃত বল্লভ গোস্বামীক ১৪২ বিএন চিআৰপিএফ আৰু গোলাঘাট আৰক্ষীয়ে যোৱা মঙলবাৰে গোলাঘাট আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰিৰ লক্ষীবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে,ছালফা কেডাৰ অমৃত বল্লভে আলফাৰ প্ৰধান পৰেশ বৰুৱাৰ লগত ফোনৰ যোগেদি সংযোগ ৰাখি কাম কৰিছিল।লগতে নতুনকৈ উঠি অহা ল'ৰা সকলক আলফাত নিযুক্তি দিবলৈ উৎসুক কৰাৰ কামত জড়িত আছিল বুলি জানিব পাৰি।
ছালফা কেদাৰ জনক গ্ৰেপ্তাৰ কৰোতে ২০০৮চনত সংঘটিত হোৱা বোমা বিস্ফোৰনত জড়িত থকা কিছু বোমা-বাৰুদ,অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে।
Next Story