গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মূখত নিপকোৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।সংগঠনটোৰ শতাধিক সদস্যই প্ৰতিবাদী কাৰ্য্যসুচীটোত অংশগ্ৰহন কৰি পৰিবেশ উত্তাল কৰি তোলে।সংগঠনটোৰ সভাপতি তথা কৃষক নেতা অখিল গগৈ কাৰ্য্যসুচীত উপস্থিত থাকি দাবী উত্থাপন কৰি কয় যে নিপকোয়ে এনেদৰে পানী এৰি দিয়াৰ ফলত গোলাঘাটৰ ৰাইজৰ যি অৱস্থা হল তাৰ বাবে নিপকো সম্পূৰ্ণ জগৰীয়া,অতি সোনকালে ক্ষতিপূৰণ ব্যৱস্থা কৰিব লাগে।কৃষক নেতাজনে লগতে কয় যে জিলা প্ৰশাসনে এমুঠি ভাত দাইল দি দায়িত্ব সামৰিলে নহব,বনাৰ্ত্য সকল ঘৰলৈ উভতি যাওতে হাতত দহ হাজাৰ টকাকৈ প্ৰশাসনে দিব লাগিব।নীপকোৱে কোনো আগজাননী নিদিয়াকৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ ধনশিৰী নদীৰ জলপৃষ্ঠ বাঢ়ি যোৱাত গোলাঘাট জিলাৰ বান পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে।ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বহুসংখ্যক গাঁও বুৰাই পেলোৱাৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছেল।
Begin typing your search above and press return to search.