Begin typing your search above and press return to search.
গোলাঘাটত মদৰ বিৰুদ্ধে সজাগতাৰ বৃদ্ধিৰ বাবে বাটৰ নাটৰ আয়োজন

মদ মুক্ত অসম দাবী সমিতিৰ উদ্যোগত গোলাঘাট নগৰত মদৰ বিৰুদ্ধে সাধাৰন ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে এখন বাটৰ নাটৰ আয়োজন কৰে।সংগঠনটোৱে ইতিমধ্যে গোলাঘাট জিলাৰ মদৰ বেছি প্ৰচলিত থকা অঞ্চলবোৰৰ লগতে গ্ৰামোঞ্চলত মদৰ বিৰুদ্ধে বাটৰ নাট প্ৰদৰ্শন কৰি আহিছে।গোলাঘাট নগৰৰ বাটা পইন্টত প্ৰদৰ্শন কৰা বাটৰ নাটৰ জড়িয়তে লোকসকলক মদ নাখাবলৈ আহ্বান কৰা লগতে মদে কিদৰে নিজৰ লগতে পৰিয়ালটোক ধংশ কৰে তাক বুজাবলৈ চেষ্ঠা কৰে।সংগঠনটোৰ সভাপতি প্ৰবীন দাসে কয় যে সুৰাপান অতি দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে,বিশেষকৈ যুৱ-প্ৰজন্মৰ মাজত।গ্ৰামোঞ্চলত মদ অতি সুলভ হোৱাৰ ফলত যুৱ-প্ৰজন্মৰ লগতে দুখীয়া লোকসকল ধংস হৈছে।মদৰ প্ৰচলন বাঢ়ি যোৱাৰ ফলত ধৰ্ষণ,চোৰ,ডকাইতৰ দৰে অপৰাধসমূহ বৃদ্ধি পাবলৈ ধৰিছে।
Next Story