গোলাঘাটত ১০ হাজাৰ বন্তি জ্বলাই বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গোলাঘাটত ১০ হাজাৰ বন্তি জ্বলাই বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Published on

বুধবাৰে সন্ধিয়া গোলাঘাটবাসী ৰাইজ আৰু বিভিন্ন দল-সংগঠনে চহৰখনত ১০ হেজাৰ বন্তি জ্বলাই সদ্য প্ৰয়াত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে অনুষ্ঠানটোৰ মুখ্য আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামী, বিতোপন শইকীয়া, আহ্বায়ক সত্যজিৎ বৰঠাকুৰ, ৰাজীৱ শইকীয়া আৰু দিলীপ শইকীয়াই।বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হয় উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ ত্ৰিমূৰ্তি ক্ষেত্ৰতসহস্ৰাধিক ৰাইজৰ উপস্থিতিত প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰাই। এই বন্তি প্ৰজ্বলন অনুষ্ঠানত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰয়েও অংশগ্ৰহণ কৰে।বন্তি প্ৰজ্বলনৰ পিছতেই বাজপেয়ী সম্পৰ্কীয় এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com