Begin typing your search above and press return to search.
গোলাঘাটৰ এজোপা বিশেষ বৰগছ

গোলাঘাট জিলাৰ খুমটাইৰ অকাঁমলুৱা গাৱঁত দেওঁবাৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ বিগত কেইবাটাও দশক ধৰি অঞ্চলটোৰ এজোপা বৰগছৰ তলত এনেদৰে সমবেত হয় হাজাৰ হাজাৰ লোক ৷ লোক বিশ্বাস আৰু পৰম্পৰা অনুসৰি জনপ্ৰবাদ মতে এই বিশেষ বৰগছজোপাৰ তলত হাঁহ, কোমোৰা আগবঢ়ালে মনৰ কামনা পূৰ্ণ হয় ৷
পাছত ভক্তই আগবঢ়োৱা হাঁহ কোমোৰা আদিৰে আঞ্জা ৰান্ধি সমিলমিলেৰে এসাজ খোৱাৰ পৰম্পৰাও আছে বৰগছজোপাৰ তলত ৷ দেওঁবাৰে প্ৰতিকূল বতৰকো নেওচি উজনি নামনিৰ পৰা আগমন ঘটে সহস্ৰাধিক ভক্তৰ । অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই মনৰ কামনা পূৰণৰ বাবে প্ৰাৰ্থনা জনাই পবিত্ৰ স্থানত ৷ ভক্তৰ হাতে হাতে লৈ হাঁহ আৰু কোমোৰাই এতিয়া ঠাহ খাই পৰিছে ৷এক প্ৰকাৰৰ উসৱমূখৰ পৰিৱেশ সৃষ্টি হয় বৰগুৰি অকমলুৱা সমন্বয় ক্ষেত্ৰত ।
Next Story