গোলাঘাট জিলাৰ খুমটাইস্থিত বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ সমাধিক্ষেত্ৰত জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত কাৰ্গিল বিজয় দিৱস পালন কৰা হয় ৷ খুমটাইৰ বীৰ শ্বহীদ জিণ্টু গগৈৰ সমাধিক্ষেত্ৰত পতাকা উত্তোলন কৰি জিণ্টু গগৈৰ পিতৃ ঠগিৰাম গগৈয়ে কাৰ্য্যসুচী শুভাৰম্ভ কৰে।বিজয় দিৱসত উপস্থিত থাকে গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ ব্ৰোথা, কাৰ্গিল যুদ্ধত থকা চিকিৎসক তথা প্ৰাক্তন সৈনিক শোভন চন্দ্ৰ কাকতি, খুমটাই ৰাজহ চক্ৰ বিষয়া মনিকা বৰাকে ধৰি বহুকেইগৰাকী গন্য মান্য ব্যক্তি ৷কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷
Begin typing your search above and press return to search.