Begin typing your search above and press return to search.

গোলাঘাটৰ নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সাহাৰ্য্য

গোলাঘাটৰ নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সাহাৰ্য্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2018 12:23 PM GMT

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অৰ্থাৎ ৫ ডিচেম্বৰত গোলাঘাটৰ গণকপুখুৰীস্থিত হাবিয়াল গাঁৱত নিহত হোৱা জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ কথা ঘোষণা কৰে। এই কথা জনাই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।

উল্লেখ্য যে ৰাজ্যত ৫ ডিচেম্বৰত হোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত গোলাঘাটৰ হাবিয়াল গাঁৱৰ নিবাসী জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ আৰক্ষীৰ গুলীত নিহত হয় ৷ নিহত জ্ঞানেন্দ্ৰ আছিল প্ৰাক্তন বি এছ এফ জোৱান ৷ খবৰ অনুসৰি, বুধবাৰে ভোটগ্ৰহণৰ সময়ত মানসিক ৰোগত আক্ৰান্ত জ্ঞানেন্দ্ৰই ঘৰৰ সমীপত থকা হাবিয়াল প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰটোলৈ গৈ ভোটকেন্দ্ৰটোত উপস্থিত ভোটাৰক খেদোৱাৰ লগতে প্ৰহাৰ কৰে ৷

ইয়াৰ পিছতেই স্থানীয় ৰাইছে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চেষ্টা কৰে ।আনহাতে সেই সময়তে আৰক্ষীয়ে জ্ঞানেন্দ্ৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চেষ্টা কৰে কিন্তু মানসিক ভাৱে বিকাৰগ্ৰস্ত জ্ঞানেন্দ্ৰই আৰক্ষীকে খেদি যায় ৷লগে লগে আৰক্ষীয়ে জ্ঞানেন্দ্ৰলৈ লক্ষ্য কৰি গুলীয়াই যদিও গুলী জ্ঞানেন্দ্ৰৰ ভৰিত লাগে ৷

ইয়াৰ পিছতেই জ্ঞানেন্দ্ৰক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ইয়াৰ পিছতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যই ৷ সম্প্ৰতি, স্থানীয় ৰাইজ তথা গোলাঘাটৰ দল সংগঠনে ঘটনাটোৰ উচিত তদন্ত হোৱাটো বিচাৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি