Begin typing your search above and press return to search.

গোলাঘাটৰ ফলঙনিত "শৰতৰ এসন্ধ্যা"

গোলাঘাটৰ ফলঙনিত শৰতৰ এসন্ধ্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Nov 2018 11:47 AM GMT

বিশ্ব বৰেণ্য অমৰ শিল্পী, সুধাকন্ঠ ড° ভুপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গোলাঘাট মুৰফুলনি সমীপৰ ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘতো "শৰতৰ এসন্ধ্যা" অনুষ্ঠানৰ আয়োজন কৰা হয় | সমাজপ্রিয় স্বেচ্ছাসেৱী সংস্থা "বন্ধু"ৰ উদ্যোগত সন্ধ্যা আয়োজিত অনুষ্ঠানটিৰ বন্তি প্রজ্বলনৰ আঁত ধৰে মুকুতা ভুঞাই |

ইয়াৰ পাছতেই গণশিল্পীগৰাকীৰ প্রতিচ্ছবিত মাল্যর্পণ কৰি সোঁৱৰা হয় | তাৰ পিছতে "সুখৰ সংজ্ঞা বিচাৰি" অনুষ্ঠানৰ জৰিয়তে ৰাইজৰ মৰম বুটলা ফলঙনিৰে বিশেষভাৱে সক্ষম শিল্পী চিন্তামনি কুর্মীয়ে ড• ভুপেন হাজৰিকা দেৱৰ গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে | তাৰ মাজতে অনুষ্ঠানটোত উপস্থিত সাংবাদিক গিৰীন বৰা, ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দয়ানাথ ভট্টাচার্য, প্রাক্তন শিক্ষক কমল দত্ত, উল্টাজান আদর্শ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক প্রদীপ চন্দ্র বৰা তথা বিশেষভাৱে সক্ষম শিল্পীগৰাকীক একোটাকৈ গছপুলি আৰু ফুলাম গামোচাৰে "বন্ধু"ৰ বিষয়ববীয়া সকলে সম্বর্ধনা জনায় |

শতাধিক ব্যক্তি , কণ-কণ ছাত্র-ছাত্রী, শিক্ষক সমাজ, স্থানীয় ৰাইজ উপস্থিত থকা শৰতৰ এসন্ধ্যাত ছাত্র-ছাত্রীসকল , যুৱশিল্পী প্রাঞ্জল বৰাৰ লগতে স্বপ্না ৰাজখোৱাই শিল্পী গৰাকীৰ কালজয়ী গীতসমুহ পৰিৱেশন কৰে | শেষত "মানুহে মানুহৰ বাবে" গীতটেৰে অনুষ্ঠানৰ অন্ত পৰে বুলি সংস্থাটোৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে |

Next Story
চাকৰি