Begin typing your search above and press return to search.

গোলাঘাটৰ ফলঙনি ডাকঘৰ চাৰিআলিত ভয়ানক অগ্নিকাণ্ড

গোলাঘাটৰ ফলঙনি ডাকঘৰ চাৰিআলিত ভয়ানক অগ্নিকাণ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2018 5:28 AM GMT

গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া ফলঙনি ডাকঘৰ চাৰিআলিত আজি সন্ধ্যা ৮ বাজি ১৫ মিনিটত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । প্রাপ্ত তথ্য অনুসৰি, অঞ্চলটোৰ সিদ্ধেশ্বৰ দত্ত নামৰ এজন লোকৰ হার্ডৱেৰ, ৰাসায়নিক সাৰ, টিনপাত, চাইকেল , গাড়ীৰ সা-সামগ্রী তথা পেট্রল-ডিজেল বিক্রী কৰা ব্যৱসায়িক প্রতিষ্ঠানখনত বিদ্যুত নথকা সময়ত মমবাতি জ্বলাই থোৱা আছিল । কিন্তু চাৰিআলিৰ দোকান-পোহাৰ সমুহ বন্ধ কৰি সকলো যোৱাৰ পাছত কিছুলোকে প্রতিষ্ঠানখনত জুই জ্বলা প্রত্যক্ষ কৰে । লগে লগেই স্থানীয় লোকসকলে বালি আৰু পানী চটিয়াই জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও দোকানখনৰ সমগ্র সা-সামগ্রী জুইত জাহ যায় । অৱশ্যে অগ্নি নির্বাপক বাহিনী উপস্থিত হৈ বাতৰি লিখা পৰলৈকে জুই নুমুৱাৰ চেষ্টা চলাই আছে ।উল্লেখ্য যে জাহ যোৱা দোকানখনত দহ লক্ষাধিকৰো অধিক টকাৰ সা-সম্পত্তি নষ্ট হয় বুলি জানিব পৰা গৈছে । আনহাতে অগ্নিকাণ্ডৰ প্রকৃত ৰহস্য এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

Next Story
চাকৰি