গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ আলোচনা কক্ষত অনুস্থিত জিলা উন্নয়ন সমিতিৰ সভাত উপায়ুক্ত গৌৰব বথ্ৰাই জিলাৰ বানপানীত পীড়িত লোকসকলক বিভিন্ন বিভাগে চলোৱা উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে।উপায়ুক্ত জনে বিভাগ সমূহক বনাৰ্ত্য সকলক সহায় কৰিবলৈ নিৰ্দেশ দিছে।জন স্বাস্থ্য কাৰিকৰি বিভাগৰ তৰফৰ পৰা ৫৫ টা শৌচাগাৰৰ ব্যৱস্থা কৰা বিপৰীতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৫০ টা চিকিৎসা সেৱা গোট পঠোৱা হৈছে বুলি জানিব পৰা গৈছে। নীপকোৱে কোনো আগজাননী নিদিয়াকৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ ধনশিৰী নদীৰ জলপৃষ্ঠ বাঢ়ি যোৱাত গোলাঘাট জিলাৰ বান পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে।ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বহুসংখ্যক গাঁও বুৰাই পেলোৱাৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছিল। নদীখনৰ বাঢ়নী পানীয়ে গোলাঘাটৰ ৯০ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰে। যাৰ ফলত প্ৰায় ২০,০০০ত কৈ অধিক লোক বানত পীড়িত লগতে বহুতো পশুধনৰ ক্ষতি হৈছে।
Begin typing your search above and press return to search.