গোলাঘাটৰ বেঙেনাখোৱাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

গোলাঘাটৰ বেঙেনাখোৱাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ
Published on

গোলাঘাট জিলাৰ বেঙেনাখোৱাৰ তিৰোৱাল গাঁৱত এগৰাকী ১১ বছৰীয়া কিশোৰীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি কৰিছে।কিশোৰী গৰাকীৰ নাম ৰমিছা খাতুন বুলি জানিব পৰা গৈছে। ২৩ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ থকা কিশোৰী গৰাকীৰ মৃতদেহ তিৰোৱাল গাঁৱৰ ৰেঁলপথৰ কাষৰ পথাৰত উদ্ধাৰ হয়।কিশোৰী গৰাকীৰ অভিভাককে অভিযোগ কৰা অনুসৰি এগৰাকী মহিলাৰ সহযোগত দুজন লোকে হত্যা কৰিছে।গোলাঘাট জিলা আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com