Begin typing your search above and press return to search.

গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ সন্দৰ্ভত এফএছএলৰ চাঞ্চল্যকৰ তথ্য

গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ সন্দৰ্ভত এফএছএলৰ চাঞ্চল্যকৰ তথ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Feb 2019 7:21 AM GMT

এক চাঞ্চল্যকৰ তথ্য ৷ গোলাঘাটৰ শালমীৰা চাহ বাগিচাত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকসকলৰ সুৰাত আছিল বিষাক্ত মেথানল ।এই তথ্য ফাদিল কৰিছে FSL য়ে৷ইফালে, গোলাঘাট আৰু যোৰহাটত সুৰা সেৱন কৰি প্ৰায় ১৫০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল ৷গোলাঘাটৰ সুৰা ট্ৰেজেডীয়ে চুই গৈছে বহুতকে ৷চৰকাৰে ৰাজ্যত অবৈধভাৱে বিয়পি থকা স্থানীয় মদৰ ঘাটি সমূহত মদ বিক্ৰিৰ বিৰুদ্ধে তদন্ত কৰিছে ৷ইফালে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গোলাঘাটত চিকিৎসাধীন হৈ থকা অসুস্থ হৈ থকা লোকসকলৰ স্বাস্থ্যৰ সন্দৰ্ভত বুজ ল’বলৈ যাওঁতে ,যাত্ৰাৰ পথত এই ঘটনাৰ কাৰণে ক্ষোভিত হোৱা লোকসকলৰ সন্মুখীন হৈছিল। এই সময়ত বহু লোকেই এই ধৰণৰ ঘটনাত চৰকাৰৰ বিফলতা সন্দৰ্ভত বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰে ৷

ইফালে, ৰাজ্য চৰকাৰে পূৰ্বতে সুৰা সেৱন কৰি মৃত্যুক সাৱটি লোৱা লোকসকলৰ পৰিয়াল পৰিজনক ২ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকসকলক ৫০ হাজাৰকৈ টকা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে ৷মুখ্য সচিব আলোক কুমাৰ আৰু ডিজিপি কুলধৰ শইকীয়াই কয় যে ৰাজ্যত অবৈধ সুৰা ঘাটিসমূহ উচ্চেদ কৰিবৰ কাৰণে যুদ্ধংদেহী পৰিস্থিতিৰে পদক্ষেপ ল’ব লাগে ৷লগতে এই ঘটনাৰ প্ৰকৃত দোষীয়ে শাস্তি পাব৷

উল্লেখ যোগ্য যে,গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ তদন্ত কৰিছে অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক মুকেশ আগৰৱালাই। আবকাৰী বিভাগৰ এজন বিষয়াই কয় যে, অবৈধ ভাৱে সুৰা প্ৰস্তুত কৰা,বিক্ৰী কৰা আদিৰ সন্দৰ্ভত ৯০ টা গোচৰ দাখিল হৈছে ।লগতে আবকাৰী বিষয়া গৰাকীয়ে কয় যে,আমি ২২ ফেব্ৰুৱাৰীৰ পৰা ৪,৮৬০ লিটাৰ অবৈধ সুৰা নষ্ট কৰিছোঁ ৷ অন্যহাতে,শুক্ৰবাৰে নিশা গোলাঘাটৰ শালমৰা চাহ বাগানত বিষাক্ত সুৰা সেৱন কৰি বহু সংখ্যক লোকৰ মৃত্যু হৈছিল ৷ এই মৰ্মান্তিক ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷পৰিয়াল পৰিজনক হেৰুৱাই নিথৰুৱা হৈ পৰিছে বহুজন ৷ অনাকাংক্ষিত অমানিশাই বাকৰুগ্ধ কৰিছে বহু জনক। কোনোবাই যদি পিতৃক হেৰুৱাইছে ৷কোনোবাই আকৌ ভ্ৰাতৃক। ভয় আৰু উত্তেজনাই বিৰাজ কৰিছে শালমৰাৰ বিভিন্ন অঞ্চলত। সম্প্ৰতি এই ঘটনাৰ পিছত চুলাই মদৰ ঘাটি উচ্চেদৰ ক্ষেত্ৰত চৰকাৰে কি ভূমুকি লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি