Begin typing your search above and press return to search.

গোলাঘাটৰ সুৰা ট্ৰেজেদীয়ে কপাঁইছে সমগ্ৰ ৰাজ্য

গোলাঘাটৰ সুৰা ট্ৰেজেদীয়ে কপাঁইছে সমগ্ৰ ৰাজ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Feb 2019 10:24 AM GMT

উজনি অসমৰ গোলঘাটৰ সুৰা ট্ৰেজেদীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷ গোলাঘাট আৰু যোৰহাট জিলাত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়ালৈকে ১৫০ জনৰো অধিক বুলি জানিব পৰা গৈছে ৷ ইফালে গোলাঘাটত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৯২ জন৷ মৃত্যুৰ বিভীষিকা অব্যাহত আছে যোৰহাট জিলাটো ৷ দেওবাৰে বিয়লি পৰ্যন্ত্য ৪৩ জন পুৰুষ আৰু ১৫ গৰাকী মহিলাৰ সহিতে সৰ্বমুঠ ৫৮ জন লোকৰ মৃত্যু হৈছে যোৰহাটত ৷ বিষাক্ত সুৰা সেৱন কৰাৰ পিছত গোলাঘাট জিলাত প্ৰায় ৯২ জন লোকৰ মৃত্যু হয় ৷ সম্প্ৰতি গোলাঘাটত প্ৰায় ১০০ জন লোকৰ চিকিৎসা হৈ আছে ৷

অন্যহাতে,গোলাঘাটৰ উপায়ুক্ত ধীৰেন হাজৰিকাই কয় যে দুপৰীয়াৰ পিছত চিকিৎসালয়ত সুৰা সেৱন কৰি অসুস্থ হোৱা লোকৰ সংখ্যা সীমিত হৈ পৰিছে ৷লগতে উপায়ুক্ত ধীৰেন হাজৰিকাই কয় যে আৰক্ষী আৰু আবকাৰী বিভাগত এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰু অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দিছে ৷উল্লেখ্য যে,গোলাঘাটৰ সুৰা ট্ৰেজেদীয়ে চুই গৈছে বহুতকে ৷ চৰকাৰে ৰাজ্যত অবৈধভাৱে বিয়পি থকা স্থানীয় মদৰ ঘাটি সমূহত মদ বিক্ৰিৰ বিৰুদ্ধে তদন্ত কৰিছে ৷ইফালে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গোলাঘাটত চিকিৎসাধীন হৈ থকা অসুস্থ হৈ থকা লোকসকলৰ স্বাস্থ্যৰ সন্দৰ্ভত বুজ ল’বলৈ যাওঁতে ,যাত্ৰাৰ পথত এই ঘটনাৰ কাৰণে ক্ষোভিত হোৱা লোকসকলৰ সন্মুখীন হয়। এই সময়ত বহু লোকেই এই ধৰণৰ ঘটনাত চৰকাৰৰ বিফলতা সন্দৰ্ভত বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰে ৷

ইফালে, ৰাজ্য চৰকাৰে পূৰ্বতে সুৰা সেৱন কৰি মৃত্যুক সাৱটি লোৱা লোকসকলৰ পৰিয়াল পৰিজনক ২ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকসকলক ৫০ হাজাৰকৈ টকা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে ৷মুখ্য সচিব আলোক কুমাৰ আৰু ডিজিপি কুলধৰ শইকীয়াই কয় যে ৰাজ্যত অবৈধ সুৰা ঘাটিসমূহ উচ্চেদ কৰিবৰ কাৰণে যুদ্ধংদেহী পৰিস্থিতিৰে পদক্ষেপ ল’ব লাগে ৷লগতে এই ঘটনাৰ প্ৰকৃত দোষীয়ে শাস্তি পাব৷

উল্লেখ যোগ্য যে,গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ তদন্ত কৰিছে অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক মুকেশ আগৰৱালাই। আবকাৰী বিভাগৰ এজন বিষয়াই কয় যে, অবৈধ ভাৱে সুৰা প্ৰস্তুত কৰা,বিক্ৰী কৰা আদিৰ সন্দৰ্ভত ৯০ টা গোচৰ দাখিল হৈছে ।লগতে আবকাৰী বিষয়া গৰাকীয়ে কয় যে,আমি ২২ ফেব্ৰুৱাৰীৰ পৰা ৪,৮৬০ লিটাৰ অবৈধ সুৰা নষ্ট কৰিছোঁ ৷ অন্যহাতে,শুক্ৰবাৰে নিশা গোলাঘাটৰ শালমৰা চাহ বাগানত বিষাক্ত সুৰা সেৱন কৰি বহু সংখ্যক লোকৰ মৃত্যু হৈছিল ৷ এই মৰ্মান্তিক ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷পৰিয়াল পৰিজনক হেৰুৱাই নিথৰুৱা হৈ পৰিছে বহুজন ৷ অনাকাংক্ষিত অমানিশাই বাকৰুগ্ধ কৰিছে বহু জনক। কোনোবাই যদি পিতৃক হেৰুৱাইছে ৷কোনোবাই আকৌ ভ্ৰাতৃক। ভয় আৰু উত্তেজনাই বিৰাজ কৰিছে শালমৰাৰ বিভিন্ন অঞ্চলত। সম্প্ৰতি এই ঘটনাৰ পিছত চুলাই মদৰ ঘাটি উচ্চেদৰ ক্ষেত্ৰত চৰকাৰে কি ভূমুকি লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি