Begin typing your search above and press return to search.

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 May 2019 3:56 AM GMT

সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰক গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ক্ষেত্ৰত ক্ষিপ্ৰ সিদ্ধান্ত ল’বলৈ আহ্বান কৰে ৷ যাতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষত কোনো প্ৰভাৱ নপৰে ৷মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সদৌ অসম ছাত্ৰ সন্থাই পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰিছে ।

লগতে এআইচিটিইৰ ১৭ টা নীতি পূৰণ কৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৱে ৷ ইফালে চৰকাৰে মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰাৰ প্ৰাকমুহুৰ্তত এআইচিটিৰ মানদণ্ডক সম্পূৰ্ণ কৰিব লাগিছিল। আমাৰ স্পষ্ট কথা যে এই মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ যাতে কোনো অন্যায় নহয়। এই মন্তব্য ছাত্ৰ সন্থাৰ ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যাতে কোনো অন্যায় নহয়। এই ক্ষেত্ৰত দিছপুৰে অনতি পলমে এক সিদ্ধান্ত উপনীত হ’ব লাগে ৷যাতে ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত সুনিশ্চিত আৰু সুৰক্ষিত হৈ থাকে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি