গোলাঘাট পাভজান চাহ বাগিচাত অসম চাহ সমাৰোহৰ প্ৰস্তুতি তুংগত

অসমৰ চাহৰ ইতিহাসত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অসমীয়া চাহ (TEA) সমাৰোহো দ্বিতীয় বৰ্ষত ভৰি দিলে ৷এই উপলক্ষে অৰিণ টি সৌজন্যত চলিত বৰ্ষৰ ১ মাৰ্চত গোলাঘাট জিলাস্থিত পাভজান চাহ বাগিচাৰ বাকৰিত এদিনীয়া কাৰ্যসূচীৰে অসমীয়া চাহ সমাৰোহ আয়োজন কৰা হৈছে ৷ লগতে অসমীয়া চাহ সমাৰোহ উপলক্ষে কেইবাটাও গুৰুত্ব পূৰ্ণ কাৰ্য্যক্ৰম হাতত লোৱা হৈছে ৷ কেইবাগৰাকীও বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথিৰ উপস্থিতিত হ’ব লগা চাহৰ মেজমেল তথা মুকলি সভাত স্থানীয় শিল্পী সকলৰ দ্বাৰা পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব ৷
ইয়াৰ ভিতৰত ১ মাৰ্চৰ দিনৰ ১১ বজাৰ ১২.৩০ লৈ আয়োজন কৰা এখন সজাগতা সভা ৷ সভাৰ উদ্দেশ্য জৈৱিক চাহৰ জনপ্ৰয়িতা বৃদ্ধিত জৈৱিক খেতিৰ প্ৰতি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত সজাগত বৃদ্ধি কৰা ৷ কাৰণ পাভজান চাহ বাগিচা এখন জৈৱিক চাহ বাগিচা ৷ লগতে এই সন্দৰ্ভত এটা প্ৰশিক্ষণ শিবিৰো অনুষ্ঠিত কৰিব ৷ আৰু এই শিবিৰ মুকলি কৰিব ভাৰতীয় চাহ বৰ্ডৰ উপ সঞ্চালক সঞ্জীব কুমাৰে ৷ইয়াৰ পিছতে দিনৰ ২ বজাত পাভজান চাহ বাগিচাক চাহ পৰ্যটনৰ অন্তঃভুক্ত কৰণৰ উদ্দেশ্যৰে আনুষ্ঠানিক উন্মোচন কৰা হ’ব ৷অন্যহাতে অসমৰ চাহ ৰাজ্যিক পানীয় ৷এই পানীয়ই দেশ বিদেশত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷
অসমৰ চাহৰ লগত অসমীয়া জনগণৰ আবেগ,গৌৰৱ জড়িত হৈ আছে ৷গতিকে অৰিণ টি প্ৰাইভেট লিমিটেডৰ এক ক্ষুদ্ৰ প্ৰয়াসত অসম তথা ভাৰতৰ ভিতৰতে ব্যক্তিগত চাহ বাগিচাত প্ৰথম বাৰৰ কাৰণে স্থাপন কৰা হ’ব অসম টি একাডেমী ৷চলিত বৰ্ষৰ মে মাহৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত চাহৰ স্বাস্থ্য সম্পৰ্কীয় গুণা গুণ,চাহৰ সোৱাদ,চাহৰ প্ৰস্তুতি,চাহ খেতি আৰু চাহ সম্পৰ্কে বিশেষজ্ঞৰ সহযোগত ৩ নিশা ৪ দিন প্ৰশিক্ষণ দিয়া হ’ব ৷ উল্লেখ যোগ্য যে এই অনুষ্ঠানত দিনৰ ২ বজাত অৰিণ টি লঞ্জ এখন চাহৰ বিপনী উন্মোচন কৰিব উত্তৰ পূব টি পৰিষদৰ উপদেষ্টা তথা ভাৰতীয় চাহ পৰিষদৰ প্ৰাক্তন উপসঞ্চালক বিদ্যানন্দ বৰকাকাকতিয়ে ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি