Begin typing your search above and press return to search.

গোৰ্খা সকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অভয় দান সোণোৱালৰ

গোৰ্খা সকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অভয় দান সোণোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jan 2019 11:47 AM GMT

গোৰ্খা সকল বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংশ। আমি সকলোৱে গোৰ্খা সকলৰ শক্তিশালী, বিশ্বাসী, সাহসী গুণ সমূহক লৈ গৌৰৱ অনুভৱ কৰো। গোৰ্খা সকলে অসম আৰু ভাৰতবৰ্ষৰ সামগ্ৰিক বিকাশত ভবিষ্যতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।বুধবাৰে ডিগবৈৰ স্বাধীনতা সংগ্ৰামী ভক্ত বাহাদুৰ প্ৰধান সোৱৰণি ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা উত্তৰ-পূৱ গোৰ্খা সন্মিলনত অংশ লৈ এই মন্তব্য কৰে সৰ্বানন্দ সোণোৱালৰ।

সন্মিলনত সৰ্বানন্দ সোণোৱালক গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা দলবীৰ সিং লোহাৰ স্মাৰক বঁটা প্ৰদান কৰা হয়। ভাষণ প্ৰসংগত সোণোৱালে দেশৰ স্বাধীনতা আন্দোলনত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰা স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰৰ ভূয়সী প্ৰসংশা কৰে। সোণোৱালে তেওঁৰ ভাষণত অনন্তলাল শৰ্মা আৰু বিষ্ণুলাল উপাধ্যায়ৰো প্ৰসংশা কৰে। মুখ্যমন্ত্ৰী সোণোৱালে গোৰ্খা ছাত্ৰ সন্থাৰ অসমৰ বিকাশৰ বাবে গ্ৰহণ কৰা সকলো কাৰ্য্যসূচীতে বৰ্তমানৰ চৰকাৰ খনে সহযোগিতা কৰিব বুলি মন্তব্য কৰি গোৰ্খা সকলৰ সকলো দবীক সন্মান জনাই সমাধান কৰা হব বুলি কয়।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত গোৰ্খা সম্প্ৰদায়ে ভয়ৰ কোনো কাৰণ নাই বুলি সোণোৱালে কয় আৰু অসম চৰকাৰ সদায় গোৰ্খাকে ধৰি সকলো সম্প্ৰদায়ৰ সুৰক্ষাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বুলি মন্তব্য কৰে। সোণোৱালে ৰাজ্য চৰকাৰে গোৰ্খা সকলৰ কাৰণে এটা সংগ্ৰহালয় মুকলি কৰাৰ কথাও ঘোষণা কৰে। গোৰ্খা ছাত্ৰ সন্থাই গোৰ্খা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এপিএচচিকে সামৰি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে আয়োজন কৰা বিনামূলীয়া প্ৰশিক্ষণ ব্যৱস্থাক প্ৰশংসা কৰি সোণোৱালে চৰকাৰে পূৰ্ণ সহযোগিতা কৰিব বুলি কথা দিয়ে। অসম চুক্তি সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত সোণোৱালে কয় যে অসমৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে অসম চুক্তিক ৰূপায়ণ কৰাটো তেওঁৰ চৰকাৰৰ প্ৰথম কৰ্তব্য, সদৌ অসম ছাত্ৰ সন্থাৰ দাবী আৰু অন্য দল সমূহৰ দাবী সমূহ ৰূপায়ন কৰাৰ বাবে শীঘ্ৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰা হব বুলি মন্তব্য প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি