গোৱাৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে প্ৰমোদ সাৱন্তে

গোৱাৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে প্ৰমোদ সাৱন্তে
Published on

গোৱাৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে প্ৰমোদ সাৱন্তে । পানাজীত নিশা শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰমোদ সাৱন্তক ৰাজ্যপাল মৃদুলা সিনহাই পাঠ কৰোৱালে শপতবাক্য । লগতে উপ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে দুগৰাকীয়ে । উপ মুখ্যমন্ত্ৰীৰূপে শপত ল'লে MGP ৰ নেতা সুদিন ধৱলিকাৰে আৰু GFP দলৰ নেতা বিজয় সৰদেশাইয়ে।

লগতে মুঠ ১১ গৰাকীয়ে কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে । মনোহৰ পাৰিকৰৰ দেহাৱসানৰ পাছতে প্ৰমোদ সাৱন্তে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে । ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মনোহৰ পাৰিকৰে । দীৰ্ঘ দিন ধৰি অগ্নাশয় ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মনোহৰ পাৰিকৰ। মনোহৰ পাৰিকৰ দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী আছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com