গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক গণিত আৰু ইংৰাজী পঢ়োৱাইছে বিশেষভাৱে সক্ষম ব্যক্তিয়ে

গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক গণিত আৰু ইংৰাজী পঢ়োৱাইছে বিশেষভাৱে সক্ষম ব্যক্তিয়ে
Published on

ৰাজস্থানৰ চৰকাৰী বিদ্যালয়ৰ এজন বিশেষ শিক্ষক চৰ্চালৈ আহিছে।সঞ্জয় সেন নামৰ বিশেষভাৱে সক্ষম শিক্ষক জনে ২০০৯ চনৰ পৰা শিক্ষা সম্বল প্ৰকল্পৰ আধাৰত এখন চৰকাৰী বিদ্যালয়ত শিশু ছাত্ৰ-ছাত্ৰী সকলক গণিত, ইংৰাজী আৰু বিজ্ঞান পঢ়োৱাই আহিছে। সঞ্জিৱ ঘোষ নামৰ এজন ব্যক্তিয়ে টুইটাৰত শিক্ষক জনৰ বিষয়ে এটা পোষ্ট দিয়াৰ পাছতে খবৰটো সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।আঠ বছৰ কাল শিক্ষক জনে কোনোধৰনৰ চকাযুক্ত চকীৰ অবিহনে শিক্ষা প্ৰদান কৰা কাহিনীয়ে সৰ্বতে চাঞ্চল্য সৃষ্টি কৰিছে।টুইটাৰত খবৰটো বিয়পি পৰাৰ পাছে সমগ্ৰ দেশবাসীয়ে বিশেষভাৱে সক্ষম শিক্ষক জনৰ ত্যাগক প্ৰশংসা কৰিছে।অত্যন্ত কঠিন জীৱন প্ৰনালীৰ পাছতো অতি নিষ্ঠা সহকাৰে শিক্ষা প্ৰদানৰ দৰে মহৎ বৃত্তিত নিয়োজিত হৈ থকাতো প্ৰশংসাৰ বিষয়।বিশেষভাৱে সক্ষম ব্যক্তি হৈয়ো স্বাধীনভাৱে স্বাৱলম্বীৰ হোৱাতো সকলোৰে বাবে আদৰ্শ হৈ পৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com