গ্ৰাহকলৈ ভাৰতীয় ষ্টেট বেংকৰ সুখবৰ

এছ বি আই অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে জনসাধাৰণলৈ আগবঢ়াইছে এক বিশেষ সুখবৰ ৷ এছ বি আইৰ তথ্য অনুসৰি,ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ অন্তৰ্গত যিকোনো পেট্ৰ’ল ডিপ’ত পেট্ৰ’ল ক্ৰয় কৰিবলৈ যাওঁতে যদি গ্ৰাহকে ভীম এপ অৰ্থাৎ ভাৰত ইন্টাৰফেচ ফ’ৰ মনী ব্যৱহাৰ কৰে, তেন্তে গ্ৰাহকে বিনামূল্যে ৫ লিটাৰ পৰ্যন্ত পেট্ৰ’ল লাভ কৰিবলৈ সক্ষম হ’ব ৷
কিন্তু তাৰ কাৰণে আপুনি ভীম এপ’টো ডাউনলোড কৰিব লাগিব ৷ লগতে প্ৰায় ১০০ টকা খৰচ কৰিবও লাগিব গ্ৰাহকে ৷ ভীম এপৰ জৰিয়তে UPI Reference No.(12 Digit) (DDMM) ত নম্বৰসমূহ লিখি ৯২২২২২২০৮৪ নম্বৰত এছ এমএছ কৰিব লাগিব ৷ লগতে এছ এম এছৰ কাৰণে অতি কম সংখ্যক মূল্য লয় ৷
ইয়াৰ পিছত যদি গ্ৰাহকৰ নম্বৰটো গ্ৰহণযোগ্য হয় তেতিয়া বিনামূল্যই গ্ৰাহকে লাভ কৰিব পেট্ৰ’ল ৷উল্লেখ্য যে ভাৰতীয় ষ্টেট বেংকে এই অফাৰটো আৰম্ভ কৰিছিল ১৯ নবেম্বৰত৷ ইয়াৰ পিছত এই অফাৰটো ২২ নৱেম্বৰলৈকে জাৰি আছিল যদিও গ্ৰাহকৰ বাবে এই অফাৰ ১৫ ডিচেম্বৰলৈ বঢ়াই দিয়ে এছবিআইয়ে ৷
আনহাতে গ্ৰাহকৰ সুবিধাৰ্থে ভীম এপ’টো উলিয়াইছে নেশ্যনেল পেমেন্ট ক’ৰপোৰেশ্যন অব ইণ্ডিয়াই ৷ ভীম এপ’ৰ জৰিয়তে গ্ৰাহকসকলে এটা বেংকৰ পৰা আন এটা বেংকলৈ স্মাৰ্ট ফোনৰ জৰিয়তে ধন পঠাব পাৰে ৷
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি