গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰনি

গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰনি
Published on

ডিব্ৰুগড় হিন্দু মিলন মন্দিৰ নামৰ সংগঠনটোৱে ২২ দিনীয়াকৈ আয়োজন কৰা বিনামুলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফলভাৱে সামৰনি পৰিছে।ডিব্ৰুগড় নগৰৰ বিদ্যালয় সমূহৰ প্ৰায় ৮৫ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰা কৰ্মশালা খনৰ অন্তত শিক্ষাৰ্থী সকলৰ পৰা সুন্দৰ প্ৰতিক্ৰিয়া লাভ কৰিছে।কৰ্মশালাৰ অন্তত এক সাংস্কৃতিক অনুস্থানৰ আয়োজন কৰি অনুস্থান আৰম্ভনি কৰে 'গুৰু প্ৰনাম মন্ত্ৰ' শীৰ্ষক নৃত্য অনুস্থানেৰে।সংগঠনটোৰ সভাপতি মধুসুধন ঘোষে সভাৰ অাৰম্ভনি ভাষণ প্ৰদান কৰে।অনুস্থানত সংগঠনটোৰ বিষয়ববীয়াৰ লগতে নগৰৰ গন্য-মান্য ব্যক্তি সকল আৰু সাধাৰন ৰাইজ উপস্থিত থাকে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com