Begin typing your search above and press return to search.
গ্ৰেপ্তাৰ কৰা হয় বিশ্ববেংকৰ চেক জালিয়ঁতি কৰা ৭জনকৈ লোকক

যোৱা মঙলবাৰে পানবজাৰৰ পৰা ৭জনীয়া সদস্যৰ দল এটাক গ্ৰেপ্তাৰ কৰে।বিশ্ব বেংকৰ চেক জালিয়াঁতি কৰাৰ বাবে এই দলটোক গ্ৰেপ্তাৰ কৰা হয়।দলটোৰ সদস্য সকলক সোধ-পোছৰ সময়ত তেওঁলোকে জনাই যে এই ঘটনাত আন এজন ব্যক্তিও জড়িত হৈ আছে,যিজন হৈছে ঘটনাৰ মুল অভিযুক্ত।
ঘটনাৰ বিৱৰন তথা প্ৰকাশ পোৱা অনুসৰি কিছুদিন পূৰ্বে পানবজাৰ শাখাৰ ভাৰতীয় ষ্টেট বেংকত দীপজ্যোতি শৰ্মা নামৰ এজন ব্যক্তিয়ে তেওঁৰ পিতৃৰ নামত বিশ্ব বেংকৰ ৫০লাখ টকাৰ দুখন চেক উলিয়াব যাওঁতে এছ বি আইৰ বিষয়া এগৰাকীয়ে সন্দেহ কৰে।গড়কাপ্তানী বিভাগে চেক খন ইচু কৰা বুলি অভিযোগ উত্থাপিত হয়।সন্দেহৰ কৰাৰ পিছতে বিশ্ববেংকৰ সৈতে কথা পাতি এক এজাহাৰ দাখিল কৰে আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।সমগ্ৰ তদন্তৰ পিছত যোৱা মঙলবাৰে পানবজাৰ আৰক্ষীৰ অপৰাধ শাখাই দিপজ্যোতিৰ লগতে দলটোৰ আন সদস্য কেইজনক আটক কৰিবলৈ সক্ষম হয়।
Next Story