Begin typing your search above and press return to search.

গৰমত ছালৰ উজ্জ্বলতাৰ কাৰণে পঢ়ক আমাৰ এই বিধি

গৰমত ছালৰ উজ্জ্বলতাৰ কাৰণে পঢ়ক আমাৰ এই বিধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2019 12:53 PM GMT

গৰমৰ দিনত আমাৰ বিভিন্ন সমস্যাই দেকা দিয়ে । বিশেষকৈ ছালৰ সমস্যাই ৷ আমি যিসমূহ খাঁও,সেই খাদ্য সমূহৰ প্ৰভাৱ পৰে আমাৰ ছালত । ছালৰ খনত সতেজ কৰিবলৈ ৰাখিবলৈ হ’লে আমি বেছিভাগ তৰল বস্তু সেৱন কৰিব লাগে। কাৰণ তেতিয়া আমাৰ ছালখনে সতেজতা অনুভৱ কৰে। আমাৰ ছালখন শুকান হৈ নাযায়। গৰম দিনেই হওঁক বা ঠাণ্ডা দিনেই হওঁক আমাৰ ছালখনৰ চাফা কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় ।কিন্তু আমি যে ছাল ছাফা কৰিবলৈ ক্লিনঞ্জাৰ ব্যৱহাৰ কৰোঁ ৷ সেয়া সুবিধাজনক নহয় ৷

কিন্তু ছাল ছাফা কৰিবলৈ আমি অলপ তেল থকা ক্লিনঞ্জাৰ ব্যৱহাৰ কৰিব পাৰোঁ ৷কিন্তু আমি খাদ্যৰ ক্ষেত্ৰত কি সেৱন কৰিম ৷ ছালৰ কাৰণে যিদৰে ফল মূলৰ ৰস অথবা ফল মূল আৱশ্যক তেনেদৰে আৱশ্যক সেউজীয়া শাক পাছলি। কাৰণ এই সমূহ বস্তুৱে আমাৰ পাচন তন্ত্ৰ সঠিক কৰাৰ লগতে আমাৰ ছালটো প্ৰভাৱ পেলায়। ছালৰ সুন্দৰতাৰ কাৰণে গাজৰ অত্যন্ত উপকাৰী ৷ কাৰণ গাজৰত ভিটামিন এ পোৱা যায় ৷মাছ,আঙুৰ,ব্ৰ’কলী, বেৰী আদিও ছালৰ কাৰণে অত্যন্ত উপযোগী। গতিকে চাওঁ আহক কেইবিধ মান ছালৰ কাৰণে উপযোগী খাদ্যৰ তালিকা।

আমি সকলোৱে জানো যে কণী প্ৰ’টিনেৰে সমৃদ্ধ ৷ কণীৰ বগা অংশটোত প্ৰ’টিন আৰু এলুমিনিয়ামেৰে ভৰপুৰ। যাৰ কাৰণে ছালৰ ট’নিঙৰ কাৰণে কণী উপকাৰী ৷ ইয়াৰ দ্বাৰা মুখৰ দাগ অথবা গুটিৰ পৰা পৰিত্ৰাণ পাব পাৰি। ৰ’দে পোৰা,প্ৰদূষণ, অত্যাধিক ধুম্ৰপান আৰু সুৰা পান কৰা,ওজন হ্ৰাস কৰা,অস্বাস্থ্য জীৱন শৈলীৰ পৰা পৰিত্ৰাণ দিয়ে কণীৰ বগা অংশই ৷কণী বগা অংশৰ দ্বাৰা ব্যৱহাৰ কৰা মাক্সে ছালৰ অতিৰিক্ত তেল শুহি লয় । যাৰ দ্বাৰা ছালৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পায় ছালৰ উজ্জ্বল কৰি ৰখাত সহায় কৰে ৷

ছাল আৰু পেটৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে গাজৰে ৷ইয়াৰ দ্বাৰা ছাল উজ্জ্বল হোৱাৰ লগতে ছালৰ তিল সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷গাজৰ প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায়। গাজৰ চকুৰ কাৰণেও যথেষ্ট উপযোগী। কাৰণ গাজৰত ভিটামিন এ পোৱা যাব। গতিকে যিসকল লোকৰ চকুৰ দৃষ্টিশক্তি হ্ৰাস পায়৷ সেইসকল লোকে গাজৰ সেৱন কৰাঁতো প্ৰয়োজনীয়।

বাদামে শৰীৰৰ প্ৰ’টিন,বিটামিন আৰু মিনাৰেলৰ দৰে পদাৰ্থৰ যোগান ধৰি ছালক সতেজতা প্ৰদান কৰে ৷বাদামে স্মৃতি শক্তি প্ৰখৰ কৰে ৷বাদাম হৈছে এনেধৰণৰ ড্ৰাই ফুড , যাৰ দ্বাৰা শৰীৰৰ বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি । ইফালে বাদাম আৰু গাখীৰ মিহলাই সেৱন কৰিলে শৰীৰৰ ব্লাড ছুগাৰ নিয়ন্ত্ৰণ থাকে ৷ ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা বাদামৰ আৰু গাখীৰ চকুৰ কাৰণে উপযোগী ৷

লগতে হাড়ৰ কাৰণে যথেষ্ট উপযোগী বাদাম। আমি সকলোৱে চকলেট খাই ভাল পাওঁ ৷ বিশেষকৈ ডাৰ্ক চকলেট আমাৰ ছালৰ কাৰণে অত্যন্ত উপযোগী ৷ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেন্টে আমাৰ বয়সৰ ওপৰত প্ৰভাৱ পেলাই ৷ লগতে জীৱনৰ বিভিন্ন চিন্তা ,হতাশাই আমাৰ ওজন বাঢ়ি যোৱাত সহায় কৰে ৷কিন্তু ডাৰ্ক চকলেট ওজন হ্ৰাস হোৱাত উল্লেখ্য ভূমিকা গ্ৰহণ কৰে৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story