গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিল ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ

গোলাঘাট জিলাৰ কেইবাখনো গাওঁলৈ ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ৷ কৃষিজীৱী ৰাইজৰ কেইবাবিঘা কৃষিভূমি ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে ৷ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ঐতিহাসিক ধোদৰ আলিলৈও ৷ সেয়ে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ ।
ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়াৰ ফলত উক্ত অঞ্চলৰ লোকৰ কেইবাবিঘা কৃষিভূমি ইতিমধ্যে নদীত জাহ গৈছে ৷ খহনীয়াৰ এনে প্ৰচণ্ড ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে ৭০ লাখ টকা ব্যয় সাপেক্ষে জিঅ’ বেগৰ আঁচনি গ্ৰহন কৰিছে ৷ সোমবাৰে ঠেঙালগাওঁত এই আচঁনিৰ শুভাৰম্ভ কৰে খুমটাইৰ সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷
শুভাৰম্ভনি অনুস্ঠানত ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ অধ্যক্ষা হৰপ্ৰভা ঠেঙাল, মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে ২০১৬-১৭ বৰ্ষৰ পূজিৰে ধনশিৰি নদীৰ ঠেঙালগাওঁ অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ এইয়া দ্বিতীয় পৰ্যায়ৰ কাম ৷ ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়াই বৰ্তমান বহুতৰে মাটি-ভেটি উচন কৰাৰ এই ব্যৱস্থা হাতত লৈছে ঠেঙাল কছাৰী স্বায়ত্ত্ব পৰিষদে ৷