Begin typing your search above and press return to search.

ঘৰতে থকা নিম গছজোপাৰ পৰা সৌন্দৰ্য্য চৰ্চা কৰক আপুনি

ঘৰতে থকা নিম গছজোপাৰ পৰা সৌন্দৰ্য্য চৰ্চা কৰক আপুনি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Feb 2019 12:55 PM GMT

ধুনীয়া হৈ সকলোৱে থাকিব বিচাৰে ৷ধুনীয়া হৈ থাকিবলৈ যাওঁতে কিছু সময়ত আমি বিভিন্ন কেমিকেলৰ দ্বাৰা নিৰ্মিত ক্ৰীম,ফেচৱাছ ব্যৱহাৰ কৰোঁ ৷কিন্তু ধুনীয়া হোৱাৰ বিপৰীতে আমাৰ ছাল খন আৰু অধিক খহটা অথবা গুটিৰে ভৰি পৰি নষ্ট হৈ যায় । গতিকে ছালখন সঠিক ৰূপত ভাল কৰিবলৈ যাঁওতে আমি আমাৰ কাষতে থকা বিভিন্ন পদাৰ্থ সমূহৰ কথা পাহৰি যাঁওঁ। হয়,আমাৰ প্ৰায় সংখ্যক ঘৰৰ কাষতে থকা নিম গছৰ জৰিয়তে আমি এখন সুন্দৰ,সতেজ ছাল পাব পাৰোঁ ৷নিম গছৰ পাতৰ পৰা ডাললৈকে প্ৰত্যেকটো অংশই আমাৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপযোগী ৷আন এক অৰ্থত নিম গছক প্ৰকৃতিৰ ফাৰ্মাছি বুলিও ক’ব পাৰোঁ আমি ৷ বহু আয়ুবেৰ্দিক ঔষধৰ লগত নিম গছৰ পাত মিশ্ৰিত কৰা হয়।

লগতে আমি ব্যৱহাৰ কৰা বহু ক্ৰীমত নিম গছৰ পাত বা নিম ব্যৱহাৰ কৰা হয় ৷আমি আমাৰ মুখৰ ছালত বয়সৰ চাপ পৰাটো কোনেও নিবিচাৰোঁ ৷কাৰণ বয়সতকৈ সৰু দেখিবলৈ সকলোৱে বিচাৰে ৷ গতিকে যদি নিম ব্যৱহাৰ কৰা হয় তেন্তে মুখত বয়সৰ ছাপ নপৰে ৷ লগতে নিম গছৰ পাত অলপ গৰম পানী উতলাই,সেই পানী মুখত লগালে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷সেই নিমৰ পানীক টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷সততে যুৱতী সকলৰ সৌন্দৰ্যত ব্যাঘাত জন্মোৱা ব্লেক হেডছ আৰু হুৱাইহেডচৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নিম অত্যন্ত উপকাৰী ৷ যদি বাহিৰৰ তাপমাত্ৰায়ে আমাৰ ছালখনক অধিক ক্ষতি কৰি ছালৰ তৈল গ্ৰন্থি সমূহ নিঃশেষ কৰি দিয়ে,তেন্তে আমি যদি নিমৰ পাত আৰু অলপ মৌৰ পেষ্ট তৈয়াৰ কৰি ছালত লগালে সুফল পাব পাৰি ৷

ইফালে ইয়াত যদি অলপ হালধি মিশ্ৰিত কৰি ছালত লগালে মুখৰ তিল,মাহৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে ।নিম গছৰ পাতৰ পেষ্ট যে কেৱল ছালৰ কাৰণে উপযোগী এনে নহয়,ছুলিৰ কাৰণেও সমানেই উপযোগী নিম ৷নিমৰ তেলে চুলিৰ বিকাশত সহায় কৰে ৷ ইয়াৰোপৰিও মহিলাসকলৰ চুলি সৰা সমস্যাৰ পৰাও পৰিত্ৰাণ পোৱাট সহায় কৰে নিমে ৷নিম পাতৰ পৰা উলিওৱা তেলৰ পৰা তৈয়াৰ কৰা ক্ৰীমে আমাৰ ছাললৈ সতেজতা আনে৷

নিম গছৰ প্ৰলেপ বহু দিনীয়া ঘাঁ শুকুৱাত সহায় কৰে ।আপোনাৰ যদি বহুদিনীয়া ঘাঁ নুশুকাই সততে বিপদত পেলাইছে ৷তেন্তে নিম গছৰ প্ৰলেপ লগাই সুফল পাব পাৰি ৷কাৰণ নিমে এন্টি চেপ্তটিক আৰু বীজানু সমূহক নাশ কৰি সক্ৰিয় ৰূপত ছালখনক ভাল কৰে ৷ ভিটামিন চিৰে ভৰপূৰ হোৱাৰ কাৰণে নিম গছৰ পাতে কলেজনক প্ৰাকৃতিক ৰূপত বৃদ্ধি কৰে ৷যাৰ কাৰণে আমাৰ ছাল খন অধিক উজ্জল হৈ উঠে ৷গতিকে আয়ুবেদিক ঔষধ নিমৰ এই উপকাৰীটাৰ লাভ উঠাওক আপুনিও৷ আৰু সুন্দৰ হৈ থাকক সকলোৰে মাজত ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story
চাকৰি