Begin typing your search above and press return to search.

ঘৰে ঘৰে চিলিণ্ডাৰ বিতৰন কৰা নেশ্যনেল পৰ্যায়ত সফলতা অৰ্জন কৰা এজন ব্যক্তি

ঘৰে ঘৰে চিলিণ্ডাৰ বিতৰন কৰা নেশ্যনেল পৰ্যায়ত সফলতা অৰ্জন কৰা এজন ব্যক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2018 10:30 AM GMT

মানুহে যেতিয়া কোনো কামৰ বাবে যোৰ দিয়ে তেতিয়া শিলো পানী হৈ যায় বুলি এষাৰ কথা আছে ।অৰ্থাৎ মানুহে কোনো ভাল কামৰ বাবে যেতিয়া নিজৰ তন মন শৰীৰ সমৰ্পন কৰে তেতিয়া যিকোনো কামতে সফলতা লাভ কৰিব পাৰে । মানুহ আগ্ৰহে হৈছে সফলতাৰ মুল চাবি কাথি । ঠিক এনেকোৱা এজন লোকৰ উদাৰনৰ যোগেদি আজি আমাৰ কাহিনীভাগ তলত প্ৰকাশ কৰা হ'ল ।

উত্তৰ প্ৰদেশৰ কাসন গাঁওৰ ৰিতেশ কুমাৰ হৈছে এনে এজন ব্যক্তি,যিগৰাকীয়ে নিজৰ আগ্ৰহ তথা যৎপৰনাস্তি চেষ্টাৰ ফলত চিনিয়ৰ এথেলটিকছ প্ৰতিযোগিতাত অংশ গ্ৰহনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।

ৰিতেশ কুমাৰ উত্তৰ প্ৰদেশৰ কাছন জিলাৰ অতি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি,ঘৰৰ সকলোতকৈ ডাঙৰ ল'ৰা হোৱা বাবে তেওঁ ঘৰ খনৰ সকলো দায়িত্ব কান্ধ পাতি লব লগীয়া হয় । আৰম্ভনিৰ পৰাই ৰিতেশৰ নেশ্যনেল পৰ্যায়ত খেলিবলৈ আগ্ৰহ কৰিছিল কিন্তু ঘৰৰ দৰিদ্ৰতাই ৰিতেশৰ এই ইচ্ছাত বাধাৰ হেঙাৰ হিচাপে থিয় দিছিল যাৰ বাবে ৰিতেশে এই সপোন ত্যাগ দিব লগা হয় । ঘৰৰ দায়িত্ব লব লগা হোৱাৰ বাবে ৰিতেশে গুৰুগ্ৰামত স্থিত এটা গেছ এজেঞ্চীত ঘৰে ঘৰে চিলিণ্ডাৰ বিতৰনৰ কাম আৰম্ভ কৰে ।এই কামৰ বাবদত ৰিতেশ মুঠ ৯,০০০টকা লাভ কৰিছিল।

रितेश कुमार

আজিৰ সময়ত ইমান কম টকাত চলিবলৈ কিমান অসুবিধাৰ সন্মুখীন হ'ল লগা হয় এই কথা আমি সকলোৱে জানো । ৰিতেশে নিজৰ দৰমহাৰ আধা পইচা ঘৰ খনত থকা মাক,ভগ্নী আৰু ভায়কৰ নামত পঠিয়াই ।মাকে খেতি কৰি পৰিয়ালটি পোহ-পাল দি আছে ।আৰু বাকী পইচাৰে ৰিতেশে কোনো মতে চলি থাকে ।

পৰিস্থিতি আৰু সময়ে ৰিতেশৰ সপোন বোৰ থমকি ৰৈছিল যদিও ৰিতেশৰ দৈনিক ৰুটিনৰ পৰা অলপ সময় উলিয়াই নিজৰ সপোনটোক বাস্তৱত পৰিনত কৰিবলৈ চেষ্টা কৰিছে। ৰিতেশে দৈনিক পুৱা ৪ বজাৰ পৰা দুপৰীয়া ৩বজালৈ ৰিতেশে মানুহৰৰ ঘৰে ঘৰে চিলিণ্ডাৰ বিতৰনৰ কাম কৰে আৰু ৩ বজাৰ পিছৰ পৰা সন্ধিয়া ৭ বজালৈ চেক্টৰ ৩৮ত স্থিত দেৱালীল ষ্টেডিয়ামত সদায় অনুশীলন কৰা আৰম্ভ কৰিছে ।

এইক্ষেত্ৰত ৰিতেশক সহায় কৰিছে ৰিতেশৰ প্ৰশিক্ষক ৰামনিৱাস কা । ৰামনিৱাসে সম্ভ হোৱা সকলো সা-সুবিধা ৰিতেশক প্ৰদান কৰিছে লগতে কলেজতো নামভৰ্ত্তি কৰাই দিছে । আৰু তেওঁৰ ৰিতেশৰ ওপৰত বিশ্বাস আছে যে,ৰিতেশে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ব।

ৰিতেশৰ এই পৰিশ্ৰমৰ ফল দেখুওৱালে ,২৫ ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলষ অনুষ্ঠিত হোৱা ভূৱেনেশ্বৰ চিনিয়ৰ নেশ্যনেল এথেলটিকছ প্ৰতিযোগিতাত ৫কিল'মিটাৰ দৌৰিবলৈ নিৰ্বাচিত হয় ।আৰু তেওঁ ১৬মিনিটত দৌৰ শেষ কৰি নেশ্যনেল পৰ্যায়ত সক্ষমতা অৰ্জন কৰে । ৰিতেশে প্ৰমান কৰি দেখুওৱালে যে দৰিদ্ৰতা উন্নতিৰ পথত হেঙাৰ হ'ব নোৱাৰে বৰঞ্চ ইয়াৰ বাবে লাগিব সাহস-মনোবল,আগ্ৰহ আৰু কষ্ট ।

Next Story
চাকৰি