Begin typing your search above and press return to search.

চকীদাৰে শোৱাৰ প্ৰস্তুতি কৰা নাই: সেয়েহে বিৰোধী শান্তিৰে শুব পৰা নাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

চকীদাৰে শোৱাৰ প্ৰস্তুতি কৰা নাই: সেয়েহে বিৰোধী শান্তিৰে শুব পৰা নাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Dec 2018 7:35 AM GMT

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত চলি থকা শীতল যুদ্ধখন দেশবাসীৰ কাৰণে নতুন বিষয় নহয় ৷ সময় সুবিধা পালেই ইজনে সিজনক কটাক্ষ কৰিবলৈ নাপাহৰে ৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিমাচল প্ৰদেশৰ ধৰ্মশালাত কয় যে চকীদাৰে শোৱাৰ প্ৰস্তুতি কৰা নাই ৷ সেয়েহে বিৰোধী শান্তিৰে শুব পৰা নাই ৷ কাৰণ,মধ্যপ্ৰদেশ, ছত্তীছগড় আৰু ৰাজস্থানত কংগ্ৰেছ চৰকাৰে কৰ মাফ কৰি দিয়াৰ পিছতেই কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেতিয়ালৈকে শুব নিদিয়ে ৷ যেতিয়ালৈকে নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষকসকলক কৰ মাফ কৰি নিদিয়ে ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক কটাক্ষ কৰি যে,৪০ বছৰৰ পৰা "ৱান ৰেঙ্ক ৱান পেছন" আঁচনিখনৰ নামত দেশৰ যুৱক যুৱতীসকলক প্ৰতাৰণা কৰি আছে ৷ লগতে দেশৰ কৃষকসকলকো প্ৰতাৰণা কৰি আছে ৷ অন্যহাতে,কৰ ৰেহাই দিয়া প্ৰসংগত কংগ্ৰেছক কটাক্ষ কৰি দিয়ে যে, ২০০৮ চনৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছে কৃষকসকলক কৰ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেই সময়ত কৃষকসকলৰ কৰ আছিল ছয় লাখ কোটি টকা ৷ কিন্তু কংগ্ৰেছে দিলে ৬০ হাজিাৰ কোটি টকা,কৰ ৰেহাই কৰি দিয়ে ৫২ হাজাৰ কোটি টকা ৷ ইয়াৰ বিপৰীতে ৫২ হাজাৰ কোটি টকাৰ ভিতৰত ৩৫ লাখ এনেকুৱা কিছুসংখ্যক লোকৰ ওচৰলৈ যায় যিসকলৰ ওচৰত কোনো ভূমি নাই।

ইয়াৰোপৰি পঞ্জাৱৰ নিৰ্বাচনৰ প্ৰসংগত কয় যে ৰাজ্যখনত কংগ্ৰেছে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কৃষকসকলক কৰ ৰেহাই দিয়াৰ প্ৰসংগ উত্থাপন কৰিছিল যদিও আজি পৰ্য্যন্ত বিষয়টোৱে বাস্তৱ ৰূপ নাপালে ৷ উল্লেখ্য যে "ৱান ৰেঙ্ক ৱান পেছন" শীৰ্ষক আঁচনি খনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, ৪০ বছৰৰ পৰা যুৱকসকলে "ৱান ৰেঙ্ক ৱান পেছন"ৰ অধীনত হোৱা সুবিধাসমূহ বিচাৰি আছে যদিও কংগ্ৰেছে প্ৰতাৰণা কৰিছে সকলোকে ৷ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, মই সুখী যে আমাৰ চৰকাৰে চাৰিটা কিস্তীত ১২০০০ হাজাৰ কোটি টকা "ৱান ৰেঙ্ক ৱান পেছন"ৰ দ্বাৰা আঁচনিখনৰ অধীনত উপভোক্তাসকলক প্ৰদান কৰে ৷

লগতে প্ৰধানমন্ত্ৰী মোডী হিমাচল প্ৰদেশৰ লোকসকলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷ শৌৰ্য্য- বীৰ্য্য,বীৰতা সকলো গুণ হিমাচলবাসীৰ তেজত প্ৰবাহিত হৈ আছে ৷ প্ৰদেশখনৰ বাসিন্দাৰ মাজত বৰ্তি থকা শান্তি সম্প্ৰীতিয়ে হিমাচলৰ অন্যতম বৈশিষ্ট্য ৷এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ ৷লগতে প্ৰদেশখনৰ ৰাজ্য চৰকাৰৰ সন্দৰ্ভত মোডীয়ে কয় যে, প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ লগত হিমাচল প্ৰদেশৰ অটুট সম্বন্ধ আছে ৷ উদ্যোগিক বিকাশত প্ৰথম পদক্ষেপ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আছিল ৷ প্ৰধানমন্ত্ৰী মোডী লগতে কয় যে হিমাচল প্ৰদেশত পূৰ্বৰ চৰকাৰখনৰ পৰা ২১ হাজাৰ কোটি লাভ কৰিছিল। কিন্তু সম্প্ৰতি বিজেপি চৰকাৰখনে ৭২ হাজাৰ কোটি দিছে হিমাচলক। গতিকে কেন্দ্ৰীয় চৰকাৰখনৰ হিমাচলৰ ওপৰত বিশ্বাস আছে যে,হিমালয় প্ৰদেশ সকলো ফালৰ পৰা উন্নতিৰ দিশত ধাৱমান হ’ব ৷

লগতে নৰেন্দ্ৰ মোডীয়ে হিমাচলৰ পথৰ দুৰৱস্থা সমূহৰ বিষয়ে মন্তব্য কৰি কয় যে,পূৰ্বতে ইয়াৰ পথৰ দুৰৱস্থা আছিল অত্যন্ত দুৰ্ভাগ্যজনক। কিন্তু সম্প্ৰতি পথ সমূহ পুনৰ মেৰামতি কৰোৱা হৈছে৷ ১৫ হাজাৰ কোটি টকা ব্যয়েৰে চাৰিটা বৃহৎ ৰেল পৰিযোজনাৰ কাম আৰম্ভ কৰিছে ৷ যিয়ে অনাগত দিনত দিনত হিমাচলক আধুনিক হিমাচলৰ ৰূপত উপস্থাপন কৰিব ৷ অন্যহাতে বিদেশী পৰ্যটকৰ সন্দৰ্ভত নৰেন্দ্ৰ মোডী কয় যে, ২০১৩ চনত দেশলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৭০ লাখ ৷কিন্তু ২০১৭ চনত ইয়াৰ পৰিমাণ বৃদ্ধি হয় এক কোটিলৈ ৷

হিমাচলৰ এই অনুষ্ঠানত উপস্থিত আছিল হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমল, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নড্ডা,হিমাচল প্ৰদেশৰ ৰাজ্যপাল আচাৰ্য দেবব্ৰতৰ লগতে অন্যান্য বহু ৰাজনৈতিক নেতা ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি