চলচ্চিত্ৰ প্ৰেমীসকলৰ কাৰণে সুখবৰঃ কাৰণ,চলিত বৰ্ষত বি টাউনে স্বাগত কৰিব বহু নৱাগতক

চলচ্চিত্ৰ প্ৰেমীসকলৰ কাৰণে সুখবৰঃ কাৰণ,চলিত বৰ্ষত বি টাউনে স্বাগত কৰিব বহু নৱাগতক
Published on

বিগত বৰ্ষৰ দৰে নতুন বৰ্ষটো বলীউডৰ ছবিসমূহত দেখিবলৈ পোৱা যাব বহু নতুন মুখ৷ ২০১৮ বৰ্ষত বহু নতুন মুখৰ লগতে যোৰীও দেখিবলৈ পালো বলীউডৰ ছবিসমূহত। গতিকে এই বৰ্ষটো দৰ্শকসকলক আমোদ দিবলৈ আহি আছে বহু নতুন অভিনেতা অভিনেত্ৰী ।চাওঁ আহক সেই অভিনেতা অভিনেত্ৰীসকলৰ তালিকাঃ

জহীৰ ইকবাল আৰু প্ৰনুতন বহল

বলীউডৰ প্ৰসিদ্ধ তথা প্ৰয়াত অভিনেত্ৰী নুতনৰ নাতিনী প্ৰনুতন বহলে এই বৰ্ষতে খোজ পেলাব বলীউডত ।জহীৰ আৰু প্ৰনুতনে বলীউডত এন্টী কৰিব "নোটবুক"ছবিখনৰ জৰিয়তে ৷ উল্লেখ্য যে,জহীৰ আৰু প্ৰনুতনক ল’ন্স কৰিব বলীউডৰ ভাইজান ছলমান খানে ৷

ঈশাৱেল কাইফ

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰীণা কাইফাৰ ভগ্নী ঈশাৱেল কাইফেও বলীউডত এন্টী কৰিব এই বৰ্ষতে ৷ আদিত্য পাঞ্চালীৰ পুত্ৰ সুৰজ পাঞ্চালীৰ লগত "টাইম টু ডান্স"ৰ জৰিয়তে বলীউডত ভূমুকি মাৰিব ঈশাৱেলে৷ ইতিমধ্যে ঈশাৱেলক দেখা গৈছে টেলিভিশ্যনৰ এটা এডড ৷উল্লেখ্য যে ঈশাৱেলৰ "টাইম টু ডান্স"ছবিখন জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে মুক্তি লাভ কৰিব পাৰে।

সুৰিলী গৌতম

ডাইৰেক্টৰ মুকেশ গৌতমৰ জীয়ৰী আৰু য়ামী গৌতমৰ ভগ্নী সুৰিলী গৌতমেও বলীউডত ভূমুকি মাৰিব এই বৰ্ষতে। সুৰিলীৰ প্ৰথম ছবি অভিনেতা ৰনদ্বীপ হুডাৰ লগত "বেটেল অফ সাৰাগঢ়ী"৷ কিন্তু ২০১৮ বৰ্ষত সুৰিলীয়ে টিভিৰ এখন ধাৰাবাহিকৰ জৰিয়তে দৰ্শকৰ চিনাকি হৈ পৰিছে ৷

মোহিত ৰেনা

টেলিভিশ্যনৰ জনপ্ৰিয় ধাৰাবাহিক "দেৱ কা দেৱ মহাদেৱ"ৰ জৰিয়তে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা মোহিত ৰেনাই চাৰ্জিকেল ষ্টাইকৰ ওপৰত নিৰ্মিত এখন ছবিৰ জৰিয়তে বলীউডত প্ৰবেশ কৰিব৷ এই ছবি খনত ৱিকী কৌশল আৰু য়ামী গৌতমকো দেখা যাব ৷ ইফালে এই ছবিখনে মুক্তি লাভ কৰিব ১১ জানুৱাৰীত ৷

কৰন কাপাডিয়া

ডিম্পল কাপাডিয়াৰ ভতিজা তথা টুইংকল কাপাডিয়াৰ সম্পৰ্কীয় ভ্ৰাতৃ কৰন কাপাডিয়াইও বলীউডত প্ৰবেশ কৰিব এই বৰ্ষতে। ট’নী ডিছুজাৰ "ব্লে’ক"ছবিখনত চানী দেউলৰ লগত দেখা যাব কৰন কাপাডিয়াক৷

অংকিতা লোখণ্ডে

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী অংকিতা লোখণ্ডেই বলীউডৰ ছবিত ভূমুকি মৰাৰ প্ৰস্তুতি চলাইছে "মণিকৰ্ণিকা"ৰ জৰিয়তে ।

পূজা গৌৰ

জনপ্ৰিয় টেলিভিশ্যন অভিনেত্ৰী পূজা গৌৰেও বলীউড যাত্ৰাৰ প্ৰস্তুতি চলাইছে ৷বিগ বছ -৬ ৰ প্ৰতিযোগী পূজা গৌৰে জোয়া আখতাৰৰ ছবি "গলী বায়ঁ"ৰ জৰিয়তে ৰণৱীৰ সিঙৰ লগতে বলীউডত পদাৰ্পণ কৰিব ৷ লগতে ছবিখন মুক্তি লাভ কৰিব ১৪ ফেব্ৰুৱাৰীত ৷

অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়া

কৰণ জোহৰৰ ছবি ষ্টুণ্ডেট অব দ্য ইয়েৰৰ জৰিয়তে বলীউডত প্ৰবেশ কৰিব অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াই ৷ডিজনী ইণ্ডিয়াৰ V J তাৰা চুতাৰিয়া আৰু চাংকি পাণ্ডেৰ জীয়ৰী অন্যন্যা পাণ্ডে টাইগাৰ শ্ৰুফৰ লগত বলীউডত এন্টী কৰিব ৷ছবিখনে মুক্তি লাভ কৰিব ১০ মে’ত ৷

অহান চেট্টী

সুনীল চেট্টীৰ পুত্ৰ অহান চেট্টীও বলীউড এন্টী কৰিব এই বৰ্ষতে৷ সাজিদ নাডিয়াদৱালাই তেলেগু ছবি RX100 ৰ জৰিয়তে বলীউডত ল’ন্স কৰিব অহান চেট্টীক । ছবিখল মুক্তি পাব এইবৰ্ষৰ মে’ত ৷

ইউলিয়া বন্তুৰ

ছলমান খানৰ ৰিউমাৰ গাৰ্লফেণ্ড ইউলিয়া বন্তুৰেও বলীউডত খোজ পেলাব এই বৰ্ষতে । "ৰাধা কিয়্যো গোৰী ম্যে কিয়্যো কালা"ছবি খনৰ জৰিয়তে বলীউড এন্টী কৰিবলৈ লোৱা ইউলিয়াৰ লগত অভিনয় কৰিব অভিনেতা জিমী শ্বেৰগীলে । এই ছবিখনো চলিত বৰ্ষৰে মে’ত মুক্তি লাভ কৰিব ৷

ইয়াৰোপৰি চানী দেউলৰ পুত্ৰ কৰন দেওল,কৃৰ্তী চাননৰ ভগ্নী নপূৰ চানন,অমৰেশ পুৰীৰ নাতি ৱৰধন পুৰী, জনপ্ৰিয় অভিনেত্ৰী ভাগ্যশ্ৰীৰ পুত্ৰ অভিমন্যু টাসানী, অভিনেতা নন্দীশ সন্ধুয়েও বলীউডত প্ৰবেশ কৰিব এই বৰ্ষতে। গতিকে এই নৱাগতাসকলে দৰ্শকলৰ মাজত কেনেধৰণে জনপ্ৰিয়তা লাভ কৰিব সেয়াহে হ’ব লক্ষনীয়।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com