চলিত বৰ্ষত বলীউডত আমি দেখা পালো বহু নৱাগতৰ মুখ: চাওঁ আহক তাৰ ভিতৰত ১০ জনৰ তালিকা

চলিত বৰ্ষত বলীউডত বহু বিচিত্ৰ ধৰণৰ ঘটনা সংঘটিত হ’ল। ২০১৮ চনত বলীউডত আমি দেখা পালো নতুন নতুন মুখ দেখা পালোঁ ৷ ইফালে তাৰে কিছু অভিনেতা অভিনেত্ৰী বলীউডৰ ষ্টাৰ কিডছ ৷ যদিও আন কিছুমান বলীউডত নিজৰ অভিনয় দক্ষতাৰ জৰিয়তে বলীউডত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ বলীউডৰ এই নৱাগত অভিনেতা অভিনেত্ৰীসকলৰ পৰা মনপৰশা অভিনয় আশা কৰিছে চলচ্চিত্ৰ প্ৰেমীসকলে ৷ চাওঁ আহক এই বৰ্ষৰ নৱাগত অভিনেতা অভিনেত্ৰীসকলৰ তালিকাঃ
সাৰা আলী খানঃ
বলীউডৰ জনপ্ৰিয় অভিনেতা চেইফ আলী খান আৰু প্ৰথমা পত্নী অমৃতা সিঙৰ জীয়ৰী সাৰা আলী খানে বলীউডত খোজ পেলাইছে এই বৰ্ষতে ৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ বিপৰীতে "কেদাৰনাথ"ৰ জৰিয়তে বলীউডত যাত্ৰা কৰে ।ছবিখনত সাৰাৰ অভিনয় যথেষ্ট পছন্দ কৰিছে চলচ্চিত্ৰ প্ৰেমীসকলে ৷ ইয়াৰ পিছতে সাৰাৰ আন এখন মুক্তি পাব লগা আন ছবি হৈছে "চিম্বা"৷ ৰনৱীৰ সিঙৰ বিপৰীতে "চিম্বা" ত অভিনয় কৰিছে সাৰাই ৷
বনিতা সন্ধুঃ
সৰু পৰ্দাৰ অভিনেত্ৰী বনিতা সন্ধুয়ে প্ৰায় ১১ বছৰৰ পৰাই অভিনয় জগতত খোজ পেলাই ৷ লগতে অন্যান্য বিজ্ঞাপন সমূহতো ভাগ লয় বনিতা সন্ধুয়ে ৷ চলিত বৰ্ষৰ ১৩ এপ্ৰিলত মুক্তি পোৱা ছবি "অক্টোবৰ"ৰ জৰিয়তে প্ৰথম বলীউডৰ ছবি পদাৰ্পন বনিতাৰ ৷ সুজিত চৰকাৰৰ ছবি অক্টোবৰত বনিতাৰ বিপৰীতে আছিল বলীউডৰ জনপ্ৰিয় অভিনেতা ৱৰুন ধাৱন ৷ ছবিখনে যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ লগতে ছবিখনত বনিতা অভিনয়ে দৰ্শকক বিশেষভাৱে আকৰ্ষণ কৰে ৷
জাহ্নৱী কাপুৰঃ
বলীউডৰ চিৰ সেউজ প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু বনি কাপুৰৰ জীয়ৰী জাহ্নৱী কাপুৰেও বলীউডত এন্টী কৰে চলিত বৰ্ষতে৷২০১৮ বৰ্ষৰ ২০ জুনত ৰিলীজ হোৱা ছবি "ধড়ক"ত জাহ্নৱীয়ে অভিনেতা ইশান খট্টাৰৰ বিপৰীতে অভিনয় কৰে ৷ ছবিখনত জাহ্নৱীৰ অভিনয়,ব্যক্তিত্বই কিছু আকৰ্ষণ কৰে চলচ্চিত্ৰ প্ৰেমীক ৷ জাহ্নৱী কাপুৰক কৰণ জোহৰ প্ৰডাকচনত নিৰ্মাণ হ’বলগীয়া ছবি "তখত"ত দেখা যাব ।
ইশান খট্টৰঃ
ছাহিদ কাপুৰৰ ভায়েক ইশান খট্টৰক নায়কৰ ৰূপত দেখা গ’ল "ধড়ক"ত ৷ অৱশ্যে ইয়াৰ আগেয়ে ইশানক দেখা গৈছিল ২০০৫ চনত ৷ আনহাতে "ধড়ক"ত ইশান খট্টৰে জাহ্নৱী কাপুৰৰ বিপৰীতে অভিনয় কৰে ৷ ছবিখনত দুয়োজনৰ কেমেষ্ট্ৰীয়ে যথেষ্ট আকৰ্ষণ কৰিবলৈ সক্ষম হয় চনচ্চিত্ৰ প্ৰেমীসকলক ৷
মৃণাল ঠাকুৰঃ
ষ্টাৰ প্লাচ টেলিভিশ্যনৰ শ্ব’ "Mujhe kush kehti hai ye khamusiyan"ৰ জৰিয়তে অভিনয় জগতত খোজ পেলোৱা মৃণালৰ প্ৰথম বলীউড ছবি "লভ চোনিয়া" ৷ ছবি খনে মুক্তি লাভ কৰে ২০১৮ চনৰ ১৪ চেপ্তম্বৰত ৷ অন্যহাতে মৃনালে পূৰ্বতে মাৰাঠী ছবিটো অভিনয় কৰিছে ৷লগতে জী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক কুমকুম ভাগ্যৰ জৰিয়তে নিজৰ অভিনয় প্ৰতিভাৰে দেশৰ ঘৰে ঘৰে চিনাকী হৈ পৰে মৃণাল ৷ কুমকুম ভাগ্য ধাৰাবাহিক খনত মৃণালে বুলবুল নামৰ চৰিত্ৰটোৰে আকৰ্ষণ কৰিবলৈ সক্ষম হয় চলচ্চিত্ৰ প্ৰেমীক ।উল্লেখ যে,নিৰ্মাতা তৱৰেজ নুৰানীৰ "লভ চোনিয়া" ছবিখন দেহ ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৷ ছবিখনত অনুপম খেৰ,মনোজ বাজপেয়ী আৰু ৰাজ কুমাৰ ৰাও দৰে অভিনেতাৰ লগত মৃণাল ঠাকুৰেও সাৱলীল অভিনয় কৰে৷
অভিনাশ তিৱাৰী
অভিনাশ তিৱাৰীৰে একতা কাপুৰৰ প্ৰডাকছনৰ ছবি "লেইলা-মজনু" জৰিয়তে বলীউডত খোজ দিয়ে ৷ "লেইলা মজনু" ছবিখন মুক্তি লাভ কৰিছিল চলিত বৰ্ষৰ ৭ চেপ্তেম্বৰত ৷ ইমতিয়াজ আলী দ্বাৰা লিখিত "লেইলা-মজনু"ত অভিনাশৰ বিপৰীতে অভিনয় কৰিছিল নিপ্তী ডিমৰীয়ে ৷ছবিখনে উপাৰ্জন কৰিবলৈ সক্ষম নহ’ল যদিও অভিনাশ অভিনয় কিন্তু দৰ্শকে আদৰি লয় ৷
ৰাধিকা মদনঃ
কাৰ্লাছ টিভিৰ জনপ্ৰিয় ধাৰাবাহিক "মেৰী আশ্যিকী তুম ছে হ্যে" জৰিয়তে অভিনয় জগতলৈ অহা ৰাধিকা মদনৰ বলীউডৰ প্ৰথম ছবি "পটাখা"৷নিৰ্মাতা বিশাল ভৰদ্বাজৰ "পটাখা" ছবিখন মুক্তি লাভ কৰে ছেপ্তেম্বৰত৷ ছবিখনত ৰাধিকাৰ অভিনয়ে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় ৷ ৰাধিকাৰ আন এখন মুক্তিৰ অপেক্ষাত থকা ছবি হৈছে "মৰ্দ কো দৰ্দ নেহী হোতা" ৷
দুলকৰ চলমান
দুলকৰ চলমানৰ প্ৰথমে চেকেণ্ড শ্ব" নামেৰে এখন মালায়ালাম ছবিত অভিনয় কৰে ৷মালায়ালাম আৰু তামিল ছবি প্ৰায় ৫ বছৰ অভিনয় কৰাৰ পিছত "কাৰৱাঁ"ৰ জৰিয়তে বলীউডত খোজ পেলাই । ছবিখনত দুলকৰ চলমান অভিনয়ক যথেষ্ট প্ৰশংসা কৰে দৰ্শকসকলৰ লগতে ছবিৰ সমীক্ষক সকলে ৷
মণি ৰয়
সৰু পৰ্দাৰ নাগিন-১ আৰু ২ ৰ জনপ্ৰিয় অভিনেত্ৰী মণি ৰয়ৰ প্ৰথম বলীউডত এন্টী কৰে "গোল্ড" ছবিৰ জৰিয়তে ৷ অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰা মণি ৰয়ক প্ৰশংসা কৰে দৰ্শক সকলে ৷ বেংগলী পৰিয়ালৰ বিউটি মণি ৰয় এগৰাকী ভাল অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী সুদক্ষ নৃত্য শিল্পী ৷মণি ৰয় ২০০৭ চনত একতা কাপুৰৰ ধাৰাবাহিক "কিউকী চাচ ভি কভী বহু থী"ৰ জৰিয়তে অভিনয় জগতত পদাৰ্পন কৰিছিল ৷
সুমিত ব্যাস
সৰু পৰ্দাৰ বহু ধাৰাবাহিক তথা চুটি ছবিৰ অভিনেতা সুমিত ব্যাসৰ প্ৰথম বলীউড ছবি "বীৰে দি ৱেডিং"৷ এই ছবিখনত কৰীনা কাপুৰ খান,স্বৰা ভাস্কৰ,সোনম কাপুৰৰ দৰে অভিনেত্ৰীৰ লগত বলীউডত প্ৰথম পদাৰ্পন কৰে সুমিত ব্যাসে ৷ ছবিখনত সুমিতে কৰীণা কাপুৰ খানৰ প্ৰেমীকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় ৷
এয়া আছিল চলিত বৰ্ষত বলীউডত খোজ পেলোৱা ১০ জন নৱাগত অভিনেতা অভিনেত্ৰীৰ তালিকা ৷ উল্লেখ্য যে , এইসকল নৱাগতৰ পৰা ভৱিষ্যতে উৎকৃষ্ট মানদণ্ডৰ ছবিৰ লগতে অভিনয় আশা কৰিছে অনুৰাগী সকলৰ লগতে ছবি সমীক্ষক সকলে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন