Begin typing your search above and press return to search.

চহৰ খনত ৫খনকৈ মুকলি কৰা হব ৰিচিপছন চেণ্টাৰ; ঘোষণা কৰিলে অসম আৰক্ষী নিৰ্দেশকে

চহৰ খনত ৫খনকৈ মুকলি কৰা হব ৰিচিপছন চেণ্টাৰ; ঘোষণা কৰিলে অসম আৰক্ষী নিৰ্দেশকে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2018 7:09 AM GMT

যোৱা ১৪জুলাইত নেডফি হাউছত পাব্লিক ৰিলেচন ছোচাইটি অৱ ইণ্ডিয়া (পি আৰ এচ আই),গুৱাহাটী খণ্ডত আয়োজন কৰা এদিনীয়া নৰ্থ-ইষ্ট পাব্লিক ৰিলেচন কনক্লেভ ২০১৮ অনুষ্ঠিত হয়।এই অনুষ্ঠান ২টা সফলতা অধ্যায়ৰ পিছৰ তৃতীয় বৰ্ষৰ আন এক সফলতা অনুষ্ঠান। অসম আৰক্ষী নিৰ্দেশক কুলধৰ শইকীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

সভাত উপস্থিত থাকি কুলধৰ শইকীয়া মত প্ৰকাশ কৰে যে চৰকাৰী ভিন্ন বিভাগে জনসম্পৰ্কীয়ৰ লগত জড়িত ভিন্ন কাম তথা পদক্ষেপ গ্ৰহন কৰি আহিছে ঠিক সেইদৰে অসম আৰক্ষীয়েও চহৰ খন পাচঁখনকৈ ৰিছিপচন চেণ্টাৰ মুকলি কৰিব বুলি কুলধৰ শইকীয়াই ঘোষণা কৰে। যিহেতু বৰ্তমান সমগ্ৰ পৃথিৱী খন ডিজিটেল মিডিয়াই গাঢ় কৰি উঠিছে আৰু তেনে ক্ষেত্ৰত মানুহৰ মাজত থকা সম্পৰ্ক বোৰ হ্ৰাস হোৱাত বহু সমস্যাৰ সৃষ্টি হৈছে সেয়ে বৰ্তমানৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ উক্ত উল্লেখিত পদক্ষেপ সমূহ গ্ৰহন কৰা হৈছে।

Next Story
চাকৰি