Begin typing your search above and press return to search.

চাইনা নেহৱালৰ বায়'পিকৰ প্ৰথম লুক; শ্ৰদ্ধা কাপুৰ

চাইনা নেহৱালৰ বায়পিকৰ প্ৰথম লুক; শ্ৰদ্ধা কাপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2018 9:10 AM GMT

বলীউদৰ অন্যতম অভিনেত্ৰী তথা অলপতে মুক্তি পোৱা "শ্ৰী" ৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক দেখা পোৱা যাব বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ ৰূপত । হয়, অভিনেত্ৰী গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে ছাইনা নেহৱালৰ চৰিত্ৰত অভিনয় কৰা প্ৰথম খন ফটো । য'ত শ্ৰদ্ধাক সাক্ষাৎ ছাইনাৰ হুবহু প্ৰতিৰূপ দেখা পোৱা গৈছে ।

https://www.instagram.com/p/BoS5U98lEa_/?utm_source=ig_embed

শ্ৰদ্ধাই মত প্ৰকাশ কৰা অনুসৰি ছবি তথা বায়'পিক খনৰ বাবে বহু মাহ ধৰি প্ৰস্তুতি তথা তৈয়াৰী কৰিছে । জানিবলৈ পোৱা অনুসৰি শ্ৰদ্ধাই ইতিমধ্যে ৪০টা বেডমিণ্টন ক্লাছৰ প্ৰশিক্ষন লৈছে । শ্ৰদ্ধাই জনোৱা অনুসৰি,বেডনিণ্টন খুউব কঠিন খেল,কিন্তু শ্ৰদ্ধাই খেল বিধৰ প্ৰশিক্ষনৰ সময়ত নিজকৈ সুখী বুলি অনুভৱ কৰিছে । ছাইনাৰ জীৱনটোত অৰ্থাৎ যাত্ৰা বৰ আমোদজনক,জীৱনটোত ছাইনাই সন্মুখীন হোৱা বিভিন্ন ঘাট-প্ৰতিঘাট সমূহৰ বিষয়ে শ্ৰদ্ধাই অনুভৱ কৰিব পাৰিছে কাৰন শ্ৰদ্ধাই নিজেও নিজ জীৱনৰ অভিজ্ঞতাৰ পৰা বহু কথা শিকিব পাৰিছে আৰু ছাইনা জীৱনটোৰ সৈতে ৰিজাব পাৰিছে ।

শ্ৰদ্ধাই ছবি খনৰ বাবে "ইণ্ডিয়ান টীমৰ মুখ্য প্ৰশিক্ষক পুল্লেলা গোপিচন্দৰ পৰা প্ৰশিক্ষন গ্ৰহন কৰিছে । কিছুদিন পূৰ্ৱে ছাইনাই প্ৰকাশ কৰা এক সাক্ষাৎকাৰৰ জৰিয়তে জানিব পৰা গৈছে যে,'ছাইনাৰ বিশ্বাস আছে যে,শ্ৰদ্ধা ছবি খনৰ বাবে নিজৰ ১০০ শতাংশই কষ্ট কৰিব। এগৰাকী অভিনেত্ৰীৰ বাবে এথেলটিকৰ ছবিৰ ওপৰত অভিনয় কৰা অতি ডাঙৰ কথা,কাৰন ই সম্পূৰ্ন বেলেগ আৰু অতি প্ৰত্যাহ্বানমূলক ।

ছবি খন মুক্তি পাব অহা বছৰৰ ২২ ছেপ্তেম্বৰত । স্নিফ,হাৱা-হাৱাই,আৰু ষ্টেনকি কা দব্বা ছবিৰ নিৰ্দেশক আমোল গুপ্তে ।

Next Story
চাকৰি