Begin typing your search above and press return to search.

চাওঁ আহক গৰমৰ দিনত শৰীৰক সতেজ কৰা কেইটিমান সহজ উপায়

চাওঁ আহক গৰমৰ দিনত শৰীৰক সতেজ কৰা কেইটিমান সহজ উপায়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 April 2019 11:32 AM GMT

সম্প্ৰতি গৰম দিন সমাগত ৷ সমাগত মানে লাহে লাহে বাঢ়ি অহা উষ্ণতাই আমাক ব্যতিব্যস্ত কৰিলেই। গতিকে,গৰম দিনত সততে ছাল,ছুলি তথা আমাৰ শৰীৰটোৱে বৃহৎ কষ্ট অনুভৱ কৰে ৷ কিন্তু গৰমৰ দিনত আমি আমাক সতেজ কৰি ৰাখিবলৈ কি কৰিম ? কাৰণ অলপ ৰ’দত ওলালেই ঘাম ওলাৱা তথা স্বাস্থ্যৰ অৱনতি ঘটে। গতিকে অলপো সময় নষ্ট নকৰি চাওঁ আহক গৰম দিনত শৰীৰক সতেজ কৰিব পৰা কিছুমান বিধিঃ

গৰম দিনত আমি পিয়াস নাইকীয়া কৰিবলৈ পানী খাওঁ। কিন্তু পানী খালে আমাৰ শৰীৰক উপযুক্ত পৰিমাণে পাব লগা সামগ্ৰী সমূহ বা পদাৰ্থসমূহ উপলব্ধ নহয়। তাৰ কাৰণ আপুনি খাব পাৰে জল জিৰা ডিঙ্ক ৷ পানী আৰু জীৰা পাউডাৰ মিক্স কৰি খোৱা ডিঙ্কে গ্ৰেষ্টিক বিভিন্ন সমস্যা দূৰ কৰে ৷ ইয়াৰ লগত আপুনি পদিনা,ধনীয়া পাত,কলা নিমখ,নেমু ৰস মিহলালে খাবলৈ সোৱাদ হয় ৷

লাচ্চি

লাচ্চি খাই সকলোৱে ভাল পায় ৷ মলাই দৈ দ্বাৰা তৈয়াৰ কৰা লাচি মিঠা অথবা নিমখীয়াও তৈয়াৰ কৰিব পাৰে ৷ ইয়াত,গুলাব,কল,আম,চকলেট,কেশৰ পিস্তা অথবা অন্যান্য সামগ্ৰীও লাচ্চিত দিব পাৰে ৷ লগতে আৰু অধিক সোৱাদ কৰিবলৈ আপুনি লাচ্চিত যোগ দিব পাৰে অলপ ক্ৰীম।

নাৰিকলৰ পানী

নাৰিকলৰ পানী শৰীৰৰ কাৰণে বহুত উপযোগী৷ লগতে নাৰিকলৰ পানীয়ে আমাৰ শৰীৰক সতেজ কৰি ৰাখে ৷ লগতে আমাৰ শৰীৰৰ ছাল ছুলিৰ কাৰণে নাৰিকলৰ পানী অত্যন্ত উপযোগী ৷

পান্না

আম পান্না হৈছে গৰম দিনত খোৱা এক বিশেষ ধৰণৰ ড্ৰিংক ৷পকা আমেৰে তৈয়াৰ কৰা আম পান্নাত সোৱাদ অনুযায়ী চেনী,অলপ পানী,পদিনা পাউডাৰ মিহলাব পাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story
চাকৰি