চাওঁ আহক দেশৰ প্ৰসিদ্ধ উদ্যোগপতি সকলৰ বিষয়েঃযি সকলৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰে আপুনিও

চাওঁ আহক দেশৰ প্ৰসিদ্ধ উদ্যোগপতি সকলৰ বিষয়েঃযি সকলৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰে আপুনিও
Published on

আজি সমাজ সুধাৰক, যুগ পুৰুষ স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী৷ গতিকে স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ ভাৰতত পালন কৰিছে "ৰাষ্ট্ৰীয় যুৱ দিৱস" ৷ এই সময়তে চাওঁ আহক স্বামী বিবেকানন্দৰ অমূল্য বচনক সৰোগত কৰি সফলতাৰ শিখৰত আৰোহনা কৰা যুৱকসকলৰ বিষয়ে ৷ লগতে এই যুৱ উদ্যোগপতি সকল প্ৰেৰণা হ’ব পাৰে আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে ৷ ইফালে এই সকল যুৱ উদ্যোগপতিয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় ফৰ্বছ আলোচনীত ৷জানো আহক সেই যুৱ উদ্যোগপতি সকলৰ বিষয়ে যিসকলে উঠা,জাগা আৰু সেই মুহুৰ্তলৈকে থমকি নৰবা, যেতিয়ালৈকে তুমি তোমাৰ লক্ষ্য স্থানত উপনীত নোহোৱা বাক্য শাৰী সৰোগত কৰি আগবাঢ়ি গৈ আজিৰ এই শিখৰত উপনীত হৈছে ৷

শমশীৰ বায়লীলঃ

শমশীৰ বায়লীলৰ নেটৱৰ্থ ১০,৫৮৪ কোটি। লগতে ফৰ্বছ তালিকাত ৯৮ সংখ্যক স্থান পায় শমশীৰ বায়লীলে ৷ বীপীএছ হেল্থ কেয়াৰ চেয়াৰমেন আৰু মেনেজিঙ ডায়ৰেক্টৰ শমশীৰে কেৰালাৰ বান পীড়িত সকলক ৫০ কোটি টকা দান কৰে ৷ শমশীৰে ব্যক্তিগত ভাৱে প্ৰদান কৰে এই বৃহৎ পৰিমাণৰ ধনৰ ৷ ইফালে শমশীৰ বায়লীলাৰ পত্নী ডা° শবীনাৰ লগত বিলগেটছ আৰু ৱাৰেন বফেট অভিযান গিবিংগ প্লেজত ভাগ লোৱাৰ কাৰণে যথেষ্ট চৰ্চা লাভ কৰিছিল বায়লীল দম্পতীয়ে ৷ লগতে ২০১৪ চনত ভাৰত চৰকাৰে বায়লীলক প্ৰবাসী ভাৰতীয় সন্মানেৰে সন্মানিত হৈছিল ৷ সম্প্ৰতি শমশেৰ বায়লীলৰ ওচৰত ভাৰত, ইউৰোপ আৰু মিডিল ইষ্টত ২২ খন চিকিৎসালয় আৰু ১২৫ খন মেডিকেল কেন্দ্ৰ আছে।

তুৰাখিয়া ব্ৰদাৰ্ছ

২৫ হাজাৰত আৰম্ভ কৰা ব্যৱসায়েৰে আজি তুৰাখিয়া ব্ৰাদাৰ্ছ ১০০ জন ধনী ভাৰতীয় সকলৰ ভিতৰত ৯৭ সংখ্যক স্থানত আছে। তুৰাখিয়া ব্ৰাদাৰ্ছৰ নেটৱৰ্থ হৈছে ১১,২৯০ কোটি ৷ তেওঁলোক "ডাইৰেক্ট আই" কম্পনীৰ কো ফাউণ্ডাৰ ৷ডাইৰেক্ট আই কম্পনী বিভিন্ন প্ৰযুক্তিৰ কম্পনীসমূহৰ মুখ্য কাৰ্যালয় । এই কম্পনীটো স্থাপন কৰা হৈছিল ১৯৯৮ চনত ৷

সমীৰ গেহলট

দিল্লীত টিন পাতৰ এটা কাৰ্যালয়ত কাৰ্যালয় আৰম্ভ কৰা সমীৰ গহলোত আজি ভাৰতৰ নতুন প্ৰজন্মৰ এজন কোটি পতি ৷ ৪৪ বছৰীয়া সমীৰ ইণ্ডিয়াৱুল্স গ্ৰুপৰ সংস্থাপক অধ্যক্ষ৷সমীৰ গেহলোতৰ নেট ৱৰ্থ ১৯,৭৫৫ টকা ৷ সমীৰ গেহলোতৰ স্থান হৈছে ফৰ্বছ আলোচনীত ২৯ তম ৷

বিকাশ অবৰয়

ৰিয়ল এষ্টেট টায়কুন বিকাশ অবৰয় দেশৰ নামী দামী উদ্যোগপতি ৷ লগতে বিকাশ এজন ভাল পাইলট ৷বিকাশৰ নেটৱৰ্থ ১,৪১,০৪ কোটি টকা ।লগতে ফৰ্বছত বিকাশ অৱৰয়ৰ স্থান ৮৯৷

অধিক খবৰৰ বাবে পঢ়ক মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com