চাওঁ আহক ১৯ ডিচেম্বৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজি ১৯ ডিচেম্বৰৰ দিনটোৰো আছে এক বিশেষ তাৎপৰ্য ৷ ১৯ ডিচেম্বৰ দিনটো ইতিহাসত বহু ঘটনাৰ কাৰণে খোদিত হৈ আছে ৷চাও আহক ইতিহাসত এই বিশেষ দিনটোৰ কিছু তাৎপৰ্যঃ
ভাৰতৰ জনপ্ৰিয় অভিনেতা ওম প্ৰকাশৰ ১৯১৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৷
১৯৩৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলৰ জন্ম হৈছিল ।
১৯৬৯ চনৰ আজিৰ দিনটোতে প্ৰাক্তন ক্ৰিকেটাৰ নয়ন মুংগয়াৰ জন্ম হৈছিল ৷
১৯৭৪ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ৰিকী পন্টিঙৰ জন্ম হৈছিল ৷
ইফালে ১৯৭৪ চনৰ আজিৰ দিনটোতে আমেৰাকাৰ ফুটবলাৰ জেক প্লমৰৰ জন্ম হৈছিল ।
১৯৮০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ অভিনেতা জেক গাইলনহালৰ জন্ম হৈছিল।
১১৫৪ চনৰ আজিৰ দিনটোতে কিং হেনৰী দ্বিতীয় ইংলেণ্ডৰ সম্ৰাট হিচাপে অধিস্থিত হয় ৷
১৯১৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বতৰ বিজ্ঞানী চ’চাইটীৰ স্থাপন হৈছিল ৷
১৯২৪ চনৰ আজিৰ দিনটোতে জাৰ্মানৰ চিৰিয়েল কিলাৰ ফ্ৰিটজ হাৰ্মনৰ মৃত্যু দণ্ড বিহা হৈছিল ৷
১৯২৭ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশত অট’মোবাইল সংস্থাৰ স্থাপন হৈছিল ৷
স্বাধীনতা সংগ্ৰামৰ সেনানী ৰাম প্ৰসাদ বিস্মিল,অশফাক উল্লা খাঁ আৰু ৰোশন সিঙক ১৯২৭ চনৰ আজিৰ দিনটোতে ইংৰাজে ফাঁচী দিছিল ৷
আজি গোৱাৰ স্বাধীনতা দিৱস ৷ ১৯৬১ চনৰ ১৯ ডিচেম্বৰৰ আজিৰ দিনটোতে গোৱা স্বাধীন হৈছিল।
১৯৮৩ চনৰ আজিৰ দিনটোতে বাৰ্জিলৰ এখন নগৰ ৰিয়ো দি জেনেৰিয়ো পৰা ফুটবলৰ ফিফা বিশ্ব কাপ চুৰি হৈছিল ৷
১৯৯৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সাহিত্যিক অমত্য সেনক বাংলাদেশে মানদ নাগৰিকতা পুৰস্কাৰেৰে পুৰস্কৃত কৰে ৷
২০০০ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াই ৱেষ্টইণ্ডিজক পৰাজিত কৰি ১৩ সংখ্যক টেষ্ট মেচ জয়ী হৈছিল ৷
২০০৫ চনৰ আজিৰ দিনটোতে আফগানিস্তানত প্ৰায় তিনি দশকৰ পিছত লোকতান্ত্ৰিক পদ্ধতিৰ জৰীয়তে জয়ী হোৱা প্ৰথম সংসদত প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয়।
শেলজা আচাৰ্যক ২০০৬ চনৰ আজিৰ দিনটোতে নেপালে ভাৰতত ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়ে ৷
২০১২ চনৰ আজিৰ দিনটোতে পাৰ্ক গ্যুনক দক্ষিণ কোৰিয়াৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়ে ৷
১৮৪৮ ৰ পৰা ১৮৫৬ চনলৈ ভাৰতৰ গবৰ্ণৰ পদত অধিস্থিত থকা জেনেৰেল লৰ্ড ডলহোজীৰ ১৮৬০ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ৷
স্বাধীনতা সংগ্ৰামৰ সেনানী,কবি,অনুবাদক তথা সাহিত্যিক ৰাম প্ৰসাদ বিস্মিলৰ মৃত্যু হৈছিল ১৯২৭ চনৰ আজিৰ দিনটোতে ৷
জ্ঞানপীঠ পুৰস্কাৰেৰে সন্মানিত আৰু প্ৰসিদ্ধ গুজৰাটী সাহিত্যকাৰ ওমাশংকৰ জোশীৰ মৃত্যু হৈছিল ১৯৮৮ চনৰ আজিৰ দিনটোতে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি