চান্দডুবি মহোৎসৱ একতাৰ প্ৰতীক: ৰাজ্যপাল

অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মূখীয়ে কয় যে চান্দডুবি মহোৎসৱ এতিয়া অসম আৰু মেঘালয়ৰ সীমান্ত অঞ্চলত বসবাস কৰা খিলঞ্জীয়া জনসাধাৰণৰ বাবে সমন্বয়ৰ সাঁকোত পৰিণত হৈছে।ৰাজ্যপাল জগদীশ মূখীয়ে অনুষ্ঠানটোৰ উদ্যোক্তা সমিতিক এনেধৰণৰ উৎসৱ আয়োজন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু মিলাপ্ৰীতি সৃষ্টি কৰা প্ৰচেষ্ঠাৰ শলাগ লয়। অসমৰ ৰাজ্যপাল গৰাকীয়ে চান্দডুবিত অনুষ্ঠিত পাঁচদিনীয়া চান্দডুবি মহোৎসৱৰ শুভাৰম্ভ কৰি এনেদৰে মন্তব্য কৰে। চান্দডুবিৰ বিলৰ পাৰত মংগলবাৰৰ পৰা এই মহোৎসৱ আৰম্ভ হৈছে। ৰাজ্যপাল মূখীয়ে চান্দডুবি মহোৎসৱ উদ্ধোধন কৰি কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চল বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি আৰু এই বিভিন্ন জাতি-জনগোষ্ঠীৰ আছে বাৰেৰহণীয়া সংস্কৃতি। বিভিন্ন জনগোষ্ঠীৰ মাজত থকা ঐক্যই অসমৰ সামগ্ৰীক উন্নতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। শীত কালৰ মনোৰম পৰিবেশত চান্দডুবি মহোৎসৱ বহু বছৰৰ পৰা আয়োজন কৰি অহা হৈছে আৰু প্ৰতিবছৰে আয়োজন কৰি অহা এই মহোৎসৱ খনে অসম আৰু মেঘালয়ৰ জনসাধাৰণক একতাৰ এক কেন্দ্ৰ বিন্দুলৈ হাত বাউলি মাতি লৈ আহি আছে। ৰাজ্যপাল গৰাকীয়ে আকৌ কয় যে চান্দডুবি মহোৎসৱ বিভিন্ন জনগোষ্ঠীৰ লোক সংস্কৃতিক প্ৰকাশ কৰাৰ এক মাধ্যম।এই মহোৎসৱে মানুহক জনগোষ্ঠীৰ সমূহৰ লোক কলা, লোক সংগীত, লোক খাদ্য, পৰাম্পৰাগত পোছাক আৰু খেল-ধেমালী সমূহৰ বিষয়ে জানিবলৈ সুবিধা প্ৰদান কৰি আহিছে। চান্দডুবি মহোৎসৱে প্ৰদৰ্শনী আয়োজনৰ জৰিয়তে স্থানীয় বাহ উদ্যোগৰ লগত জড়িত কলা, হস্ততাত আৰু শিল্পকলাক আৰু অধিক সমৃদ্ধ কৰি আগুৱাই লৈ যোৱাত সহায় কৰিব। ৰাজ্যপাল জগদীশ মূখীয়ে চান্দডুবি মহোৎসৱৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰি কৰি নিয়োগ সৃষ্টি কৰিব পৰাৰো ক্ষমতা আছে বুলি মন্তব্য প্ৰকাশ কৰে। ৰাজ্যপালৰ লগতে অনুষ্ঠানটোত উপস্থিত আছিল ৰাজ্যৰ প্ৰথম মহিলা প্ৰেম মূখী, ৰাভা হাচং স্বয়ত্ত শাসিত পৰিষদৰ কাৰ্য্যবাহী টংকেশ্বৰ ৰাভা, কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য। অন্যান্য বিভিন্নজন আমন্ত্ৰিত অতিথিয়ো উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে এই চান্দডুবি মহোৎসৱৰ শোভা বৰ্ধন কৰিব। এই চান্দডুবি মহোৎসৱ প্ৰতি বছৰে ইংৰাজী নতুন বছৰৰ আৰম্ভণিতে আয়োজন কৰা হৈ আহিছে।মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিদিনে আয়োজক সমিতিয়ে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী আয়োজন কৰিছে। অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গেও ব্যক্তিগত ভাবে চান্দডুবি মহোৎসৱক লৈ যথেষ্ট উৎসাহী আৰু ইয়াৰ প্ৰচাৰৰ বাবে তেঁও কাম কৰি আহিছে। চান্দডুবি মহোৎসৱৰত উপলব্ধ বিভিন্ন ধৰণৰ পৰাম্পৰাগত খাদ্য সম্ভাৰে জনসাধাৰণক আকৰ্ষিত কৰি আহিছে। পোৰা গাহৰীৰ মাংস, খৰিচা, পোৰা কুকুৰাৰ মাংস, বিভিন্ন প্ৰজাতিৰ পোৰা মাছ চান্দডুবি মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। চান্দডুবি মহোৎসৱক লৈ এতিয়া উৎসাহী হৈ পৰিছে চান্দডুবি মহোৎসৱ উৎসৱ স্থলীৰ স্থানীয় আৰু দাতি কাষৰীয়া অঞ্চলৰ লোক সমূহ।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি