Begin typing your search above and press return to search.

চান্দ কী আঁখৰ দৃশ্যগ্ৰহণ সমাপ্তঃ ভাবুক হৈ পৰিল ছবিখনৰ কলা কুশলী

চান্দ কী আঁখৰ দৃশ্যগ্ৰহণ সমাপ্তঃ ভাবুক হৈ পৰিল ছবিখনৰ কলা কুশলী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 April 2019 12:46 PM GMT

বিশ্বৰ সকলোতকৈ বয়োজেষ্ঠ্য শ্বুটাৰ হাৰিয়ানাৰ চন্দো তোমৰ আৰু প্ৰকাশী তোমৰৰ আত্মজীৱনী "চান্দ কী আঁখৰ" দৃশ্যগ্ৰহণ সম্প্ৰতি সম্পূৰ্ণ হৈছে। ছবিখনত নাম ভূমিকাত অভিনয় কৰিছে তাপ্সী পন্নু আৰু ভূমি পাডনেকাৰে। চান্দ কী আঁখৰ দৃশ্য গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত ভাবুক হোৱা দেখা গৈছে তাপ্সী পান্নু আৰু ভূমি পাডনেকাৰক ৷

ছবিখনৰ মুখ্য কাহিনী চন্দো আৰু প্ৰকাশী তোমৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৷সেই সময়ত গাঁৱসমূহত থকা কন্যা ভূণ হত্যাৰ দৰে হোৱা ঘটনাসমূহত প্ৰকাশী তোমৰ আৰু চন্দো তোমৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ ইফালে বিগত সময়ত চান্দ কী আঁখৰ অভিনেত্ৰী ভূমি পাডনে কাৰে ছপাক ছবিৰ অভিনেত্ৰী দীপিকা পাডুকনত ভূয়সী প্ৰশংসা কৰিছিল ৷ভূমি পাডনেকাৰ দীপিকা পাডুকনক প্ৰশংসা কৰি কয় যে ছপাক ছবিখন যথেষ্ট প্ৰাসংগিক ৷ সমাজৰ এটা জলন্ত সমস্যাক ছবিখনত উপস্থাপন কৰা হৈছে ৷ ছপাক ছবিৰ প্ৰথম লুক মই দেখিছোঁ ৷ সেয়া অত্যন্ত মনপৰশা।

ছবি খনৰ কাৰণে দীপিকা পাডুনৰ পৰিৱৰ্তিত ৰূপে আকৰ্ষিত কৰিছে সকলোকে ৷ মই দীপিকা পাডুকনৰ কামৰ কাৰণে সৌভাগ্যশালী বুলি অনুভৱ কৰোঁ ৷ দীপিকা পাডুকনৰ কামে মোক বহুত অনুপ্ৰাণিত কৰে। এই মন্তব্য অভিনেত্ৰী ভূমি পাডনেকাৰৰ ৷ লগতে বলীউডত মহিলাসকলে বা যুৱতী সকলে দেখুওৱা পাৰদৰ্শিতাৰ সম্পৰ্কে ভূমিয়ে কয় যে চান্দ কী আঁখ আৰু ছপাকৰ দৰে ছবিয়ে বলীউডলৈ এক বিশেষ বাৰ্তা কঢ়িয়াই আনিছে ৷ মানুহে কেৱল ভাল ছবি চাবলৈ বিচাৰে ৷

ইফালে ভূমি পাডনেকাৰে চান্দ কী আঁখ ছবিখনৰ প্ৰথম লুকত দৰ্শকসকলে দেখুওৱা মৰমত অভিভূত বুলি মন্তব্য কৰে। লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে যেতিয়া দৰ্শকে আদৰি লয় তেতিয়া মন প্ৰচুৰ শান্তি পোৱা যায় ৷এগৰাকী অভিনেত্ৰী হিচাপে মই এই ছবিখনক সকলো দিছো ৷ সকলো চলচ্চিত্ৰ প্ৰেমীৰ সকৰাত্মক প্ৰতিক্ৰিয়া দেখাৰ পিছত ছবিখনৰ কাৰণে কৰা তিনি ঘন্টা মেক আপ নিশ্চিত ৰূপে সফলতা লাভ কৰিছে। ছবিৰ কাৰণে নিজক পৰিৱৰ্তন কৰাৰ প্ৰসংগত ভূমি পাডেনেকাৰে কয় যে ছবিসমূহৰ কাৰণে হোৱা মোৰ পৰিৱৰ্তন হৈ ভাল পাঁও ৷

গতিকে ছবিসমূহত বাস্তৱভাৱে নিজক উপস্থাপন কৰিবৰ কাৰণে মোৰ পাৰ্যমানে চেষ্টা কৰোঁ ৷ মই ছবিত সমগ্ৰ ঘটনাক সাৱলীল ভাৱে উপস্থাপন কৰি নিজক দায়িত্বশীল অনুভৱ কৰোঁ ৷ চন্দ্ৰ দাদী আৰু প্ৰকাশী দাদী হৈছে বাস্তৱ জীৱনৰ সেনানী৷ মই এই ছবিখনত অভিনয় কৰিবলৈ পায় যথেষ্ট সুখী ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story