Begin typing your search above and press return to search.

চাহ জনজাতিৰ দুখ আৰু কষ্ট কেৱল এজন চাহ বিক্ৰেতাই বুজিব পাৰে: প্ৰধানমন্ত্ৰী মোদী

চাহ জনজাতিৰ দুখ আৰু কষ্ট কেৱল এজন চাহ বিক্ৰেতাই বুজিব পাৰে: প্ৰধানমন্ত্ৰী মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 March 2019 11:31 AM GMT

মৰানৰ ৰাজহুৱা সভাত অংশগ্ৰহন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে চাহ জনজাতিৰ দুখ আৰু কষ্ট কেৱল এজন চাহ বিক্ৰেতাই বুজিব পৰে ।

মৰান প'ল' গ্ৰাউণ্ডত আজি অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাট সমষ্টি বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ।

ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে অসমৰ সকলো শ্ৰেণীৰ লোকৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰি আহিছে । লগতে কংগ্ৰেছক প্ৰতিবাদ কৰা দল বুলিও প্ৰকাশ কৰে ।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড় উজনি অসমৰ ব্যৱসায় , বানিজ্যৰ প্ৰান কেন্দ্ৰ বুলি প্ৰকাশ কৰাৰ লগতে ৬০ দশক ধৰি অঞ্চলটোৰ কোনো উন্নয়ন হোৱা নাই বুলি প্ৰকাশ কৰে । সেয়েহে বিজেপিয়ে কেন্দ্ৰ আৰু ৰাজ্য সকলোতে দিনে ৰাতিয়ে উন্নয়নৰ বাবে কাম কৰি আহিছে বুলি প্ৰকাশ কৰে।

লগতে প্ৰকাশ কৰে যে কংগ্ৰেছে আৰম্ভ কৰা সকলো কামে ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত সম্পুৰ্ণ কৰা হৈছে ।

বিজেপি চৰকাৰে অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত চুক্তিবদ্ধ । অসমৰ লোকসকলৰ সুৰক্ষা কৱচ হৈ থিয় হব বিজেপি চৰকাৰ।

অসম চুক্তিৰ মতে ৬ টা জনগোষ্ঠীক জনজাতিকৰনৰ মৰ্য্যদা দিয়াৰ ওপৰত বিজেপি চৰকাৰে গুৰুত্ব দিছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি