Begin typing your search above and press return to search.
চাহ শ্ৰমিকক খাদ্য যোগান ধৰিবলৈ অসম চৰকাৰক আহ্বান ভাৰতীয় চাহ সংঘৰ

ভাৰতীয় চাহ সংঘ (আইটিএ)য় অসম চৰকাৰক চাহ শ্ৰমিকসকলৰ মাজত বাগিছাৰ ব্যৱস্থাপনা সমিতিৰ সহায়ত খাদ্য বিতৰন কৰি চাহ উদ্যোগৰ উৎপাদনৰ খৰচ হ্ৰাস কৰিবৰ বাবে আহ্বান জনাইছে।ভাৰতীয় চাহ সংঘৰ বিষয়ববীয়া সকলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যে ভাৰতীয় চাহ উদ্যোগৰ বেয়া দিনৰ সময়ত অসম চৰকাৰে সহায় কৰি চাহ উদ্যোগটো ধংস হোৱাৰ পৰা ৰক্ষা কৰিব লাগে।চৰকাৰে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰিবলৈ চাহ বাগিছাৰ মালিক পক্ষক হেচা প্ৰয়োগ কৰাত বহুত সংখ্যক মালিকে বাগিছা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।
Next Story