Begin typing your search above and press return to search.

চাহ শ্ৰমিক সকলৰ বাবে সুস্বাস্থ্যৰ ব্যৱস্থা: দাবী অসম চাহ জনগোষ্ঠী সংগঠনৰ

চাহ শ্ৰমিক সকলৰ বাবে সুস্বাস্থ্যৰ ব্যৱস্থা: দাবী অসম চাহ জনগোষ্ঠী সংগঠনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2018 7:39 AM GMT

যোৱা মঙলবাৰে অসম চাহ জনগোষ্ঠী সংগঠনে সোণাৰি জিলাৰ মহমৰাত চাহ বাগিছাৰ শ্ৰমিক সকলৰ জীৱন সুৰক্ষা আৰু সম্পত্তিৰ বাবে চাহ বাগিছা খনৰ ব্যৱস্থাপনা কমিটী আৰু ৰাজ্যিক স্বাস্থ্য আৰু শ্ৰমিক বিভাগৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এক প্ৰতিবাদ সাৱ্যস্ত কৰে। অসম চাহ জনগোষ্ঠী সংগঠনৰ মুৰব্বীয়ে জনোৱা মতে,বানপানী হোৱাৰ পিছত জাপানীছ এনকেলফাইটিছ আৰু যক্ষ্মা ৰোগে মহমাৰা,টিফূক,বনমালী,চেত্ৰীকিনা,টাওকক আৰু চৰাইদেও চাহ বাগিছাত ৰোগ বিয়পি পৰে।কিছুদিন পূৰ্ৱে সোণাৰি আৰু চৰাইদেও মহকুমাত ন' জন শ্ৰমিকৰ এই বেমাৰত মৃত্যু হয়।কিন্তু ৰাজ্যিক স্বাস্থ্য বিভাগে এতিয়ালৈ কোনো ধৰনৰ গভীৰ স্বাস্থ্যজনিত ৰোগৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহন কৰা নাই।

ইয়াৰ উপৰিও এতিয়ালৈ চাহ বাগিছাৰ শ্ৰমিক সকলে ভিন্ন সমস্যাৰ মাজেৰে পাৰ হোৱাৰ লগতে বিশুদ্ধ খোৱাপানী আৰু সঠিক স্বাস্থ্য সেৱা তথা হাস্পাতালৰ সুবিধা এতিয়ালৈ লাভ কৰা নাই।

Next Story
চাকৰি