Begin typing your search above and press return to search.

চাৰা আলী খান আৰু পিতৃ শ্বেইফক দেখা পোৱা যাব একেলগে; কফি উইথ কৰন ৬

চাৰা আলী খান আৰু পিতৃ শ্বেইফক দেখা পোৱা যাব একেলগে; কফি উইথ কৰন ৬

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2018 9:55 AM GMT

পুনৰ বাৰৰ বাবে দেখা পোৱা যাব কৰন জহৰৰ জনপ্ৰিয় ৰিয়েলিটী অনুষ্ঠান কফি উইথ কৰন ৬। ষ্টাৰ ৱান আৰু ষ্টাৰ ৱৰ্ল্ডত সম্প্ৰসাৰিত হোৱা অনুষ্ঠানটি এটা সময়ত সকলো লোকৰ মন জয় কৰিব পাৰিছিল।বহু দিনৰ বিৰতিৰ পিছত পুনৰ এই অনুষ্ঠানটি আৰম্ভ হ'ব।

অনুষ্ঠানটি মুলত হৈছে বলীউদৰ তাৰকা সকলক লগত লৈ কথা-বতৰা এক আলাপ অনুষ্ঠান। অনুষ্ঠানটি যিকোনো দুগৰাকী তিনি গৰাকীকৈ বলীউদ তাৰকাক মাতি আনি তেওঁলোকক নিজ ব্যক্তিগত জীৱন নাইবা অন্য যিকোনো হাস্যকৰ,ৰসাত্মাক কথাৰ প্ৰশ্ন কৰি অনুষ্ঠানটোৰ মুখ্য তথা ঘোষক কৰন জহৰে আগলৈ আগুৱাই নিয়ে ।

https://www.instagram.com/p/Bmn2899AAr1/?utm_source=ig_embed

এইবাৰ অনুষ্ঠান টি ৬ সংখ্যক।কফি উইথ কৰন আৰম্ভ হ'ব অহা মাহৰ অক্টোবৰৰ ২১ তাৰিখৰ পৰা ।জানিব পোৱা মতে,অনুষ্ঠানটিত অতিথি হিচাপে নিমন্ত্ৰন কৰা হ'ব ধড়ক অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু অৰ্জুন কাপুৰক । ইয়াৰ উপৰিও জাহ্নৱীৰ ভাল বান্ধবী তথা বলীউদৰ অন্যতম চুপাৰ ষ্টাৰ অভিনেতাৰ কন্যা চাৰা আলী খানক,চাৰা আলী খান উপস্থিত থাকিব পিতৃ শ্বেইফ আলী খানৰ সৈতে ।

Next Story
চাকৰি