Begin typing your search above and press return to search.

চিংগল নহয় দক্ষিনৰ জনপ্ৰিয় অভিনেতা প্ৰভাস : কফী উইথ কৰণ

চিংগল নহয় দক্ষিনৰ জনপ্ৰিয় অভিনেতা প্ৰভাস : কফী উইথ কৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2018 12:40 PM GMT

সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান " কফী উইথ কৰণ" এইবাৰ বিশেষভাৱেই জনপ্ৰিয় হৈ উঠিব ৷ কাৰণ অনুষ্ঠানটোত এইবাৰ উপস্থিত থাকিব জনপ্ৰিয় ছবি বাহুবলীৰ দুজনকৈ অভিনেতাৰ লগতে নিৰ্মাতা এছ এছ ৰাজামৌলি ৷ দক্ষিণৰ জনপ্ৰিয় অভিনেতা প্ৰভাস আৰু ৰানা দাগুৱাতীৰ লগত "কফী উইথ কৰণ"ৰ হোষ্ট কৰণ জোহৰ অন্তৰংগ আলাপ কৰা দেখা গ’ল ৷ লগতে অনুষ্ঠানটোত সম্প্ৰতি, প্ৰভাসৰ প্ৰেমৰ কথা বতৰা উত্থাপন প্ৰসংগত অভিনেতা প্ৰভাসে নিজকে চিংগল যে নহয় তাৰেই ইংগিত দিলে ৷

ইফালে,অনুষ্ঠানটোত কৰণ জোহৰে বাহুবলী ছবিখনৰ টীমটোক অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাই যথেষ্ট আনন্দিত হোৱা কথা উল্লেখ কৰে৷ লগতে প্ৰভাসক উদ্দেশ্য কৰি কয় যে,আপুনি পূৰ্বতে সৰু পৰ্দাৰ কোনো অনুুষ্ঠানলৈ যোৱা নাই। এই প্ৰসংগত প্ৰভাসে হাঁহি মুখেৰে কয় যে,আপুনি মোক যে ছবিত দেখিছে ৷সেয়াই যথেষ্ট ৷ আনহাতে নিৰ্মাতা ৰাজামৌলিয়ে কৰন জোহৰক কয় যে কৰন আপুনি জানে নেকি পাউট কেনেকৈ বনায় ৷ আৰু প্ৰভাস আৰু ৰাজামৌলিয়ে সকলোকে পাউট বনায় দেখায় ৷

ইফালে, অনুষ্ঠানটোত কৰণে প্ৰভাস আৰু ৰানাক প্ৰেমৰ ক্ষেত্ৰত চিংগল নে বুলি প্ৰশ্ন কৰাত দুয়োজনেই হয়ভৰ দিয়ে । যদিও কৰণ জোহৰে প্ৰভাসক কয় যে নিজৰ কাউচট বহি মিছা কৈছে বুলি কোৱাৰ লগে লগে প্ৰভাসে কৰণৰ কথাত সন্মতি দিয়ে ৷ অনুষ্ঠানটোত কৰণ ৰাজা মৌলিক প্ৰশ্ন কৰে যে,বাহুবলীৰ ছবিৰ আটাইতকৈ বেয়া ল’ৰাটো কোন? তেতিয়া ৰাজামোলীয়ে কয় যে প্ৰভাস বেড বয় বা বেয়া ল’ৰা হলেও কিন্তু কোনো কাৰণতে প্ৰভাসৰ ক্ষেত্ৰত বেয়া বিচাৰি নাপায় ৷

উল্লেখযোগ্য যে, অনুষ্ঠানটোত কৰণে প্ৰভাসক প্ৰশ্ন কৰে যে,আপুনি সম্প্ৰতি কাৰোবাৰ লগত ডেটিংত আছে নেকি ? লগে লগে প্ৰভাসে উত্তৰত না কয় যদিও কৰণ জোহৰ সুৰ্বণ সুযোগতে জনপ্ৰিয় অভিনেত্ৰী অনুস্কা চেট্টীৰ লগত ওলোৱা প্ৰভাসৰ গুজৱৰ প্ৰসংগ উত্থাপন কৰোঁতে প্ৰভাসে কৰণক কয় যে আপোনাৰ আৰম্ভ হৈ গ’ল । উল্লেখ্য যে,সততে প্ৰভাস আৰু দক্ষিনৰ জনপ্ৰিয় অভিনেত্ৰী অনুস্কা চেট্টীৰ প্ৰেমৰ প্ৰসংগই চৰ্চা লাভ কৰি থাকে৷অনুৰাগী সকলৰ মাজতো তেওঁলোকৰ প্ৰেমৰ প্ৰসংগই যথেষ্ট প্ৰাধান্য পায় ৷

লগতে, অনুৰাগীসকলেও প্ৰভাস আৰু অনুস্কাক চাব বিচাৰে একেলগে। এনে ক্ষেত্ৰত অনুষ্কাক লৈ প্ৰভাসৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ ৷ ইফালে প্ৰভাস ,ৰানা দাগুৱাটী আৰু ৰাজা মৌলি উপস্থিত থকা ষ্টাৰ ৱল্ডৰ "কফী উইথ কৰণ" প্ৰচাৰতিত হ’ব ২৩ ছেপ্তেম্বৰত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি