Begin typing your search above and press return to search.

চিৰাংৰ সদৌ অসম ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত ক'লা চিঞাহী সানিলে অচিনাক্ত দুৰ্বিত্তয়ে :৩ জনক আটক

চিৰাংৰ সদৌ অসম ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত কলা চিঞাহী সানিলে অচিনাক্ত দুৰ্বিত্তয়ে :৩ জনক আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 May 2019 10:36 AM GMT

চিৰাং জিলাৰ বাছুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয় শ্বহীদ বেদীত ক'লা চিঞাহী সানিলে অচিনাক্ত দুৰ্বিত্তয়ে । দেওবাৰে নিশা এই কাণ্ড সংঘটিত কৰে দুৰ্বিত্তয়ে । এই ঘটনাত আছুয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বাছুগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

বৰ্তমানলৈকে বাছুগাঁও কাণ্ডৰ সন্দৰ্ভত ৩ জনক আটক কৰা হৈছে । ৩ জন লোকক আটক কৰাক লৈ প্ৰতিবাদ একাংশৰ|

সংবাদ মাধ্যমক সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদনা দিপাংকৰ কুমাৰ নাথে জনাই যে চিৰাংৰ এই ঘটনা এক নিন্দনীয় ঘটনা আৰু ৰাজ্যৰ থলুৱা লোক সকলৰ প্ৰতি এক ভাবুকি স্বৰূপ বুলি প্ৰকাশ কৰে । লগতে তেওঁ কয় যে সদৌ অসম ছাত্ৰ সন্থায়ে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচাৰিছে, লগতে তেওঁ চৰকাৰক এন আৰ চি পুনৰ আবেদন ক্ষেত্ৰত কঠোৰ ভাৱে পৰ্যবেক্ষন কৰিবলৈ আহ্বান জনাইছে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা কৰা কোনো দুষ্ট চক্ৰয়ে এই কাণ্ড সংঘটিত কৰাৰ কথা প্ৰকাশ কৰিছিল ।

এই ঘটনাৰ লগত জড়িত ব্যক্তিক ৪৮ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছিল দিপাংকৰ কুমাৰ নাথে। বাছুগাঁও আছুৰ সভাপতি নবজ্যোতি ৰায়ে এই ঘটনাৰ লগত জড়িত অপৰাধীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শান্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে । এই ঘটনা আৰক্ষীৰ অমনযোগিতাৰ বাবে সংঘটিত হবলৈ পাইছে বুলি প্ৰকাশ কৰে আছুৰ সম্পাদনা দিপাংকৰ কুমাৰ নাথে। বিজনী, বাছুগাও আৰু পানবাৰীত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ আহ্বান কৰিছিল। কিন্তু ইয়াৰ পাছতে এই ঘটনাটো সংঘটিত হৈছে বুলি প্ৰকাশ কৰে । এই ঘটনাৰ প্ৰতিবাদ জনাই সোমবাৰে আছুৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি