Begin typing your search above and press return to search.

চিৰাং জিলাৰ বিজনীত লক্ষ্মী পূজা আৰু মেলাত স্বচ্ছ ভাৰত অভিযান

চিৰাং জিলাৰ বিজনীত লক্ষ্মী পূজা আৰু মেলাত স্বচ্ছ ভাৰত অভিযান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2018 1:04 PM GMT

চিৰাং জিলাৰ বিজনীত পানী আৰু অনাময় সমিতি আৰু হেল্প এণ্ড হেণ্ডচ নামৰ বেচৰকাৰী সংস্থা এটাৰ উদ্যোগত বিজনীৰ লক্ষ্মী পুজা আৰু মেলাত স্বচ্ছ ভাৰত অভিযান মিছনৰ সজাগতাৰ ওপৰত এক প্ৰদৰ্শনীৰ ব্যৱস্থা। জাতীৰ পিতা মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা আদৰ্শৰ ভিত্তিত পৰিবেশ নিকাকৰণ আৰু স্বচ্ছতা ৰাইজৰ মাজত বহুল প্ৰচাৰৰ লক্ষ্যৰে এই পদক্ষেপ চিৰাং জিলা পানী আৰু অনাময় সমিতি আৰু বেচৰকাৰী সংস্থা হেল্প এণ্ড হেণ্ডচৰ স্বচ্ছতাৰ বিভিন্ন নাটক , নৃত্য -গীত প্ৰদৰ্শন কৰিব লগতে চিৰাং জিলাৰ বিজনী মহকুমাৰ বল্লামগুৰী ভিচিডিচিৰ অন্তৰ্গত এক নম্বৰ লাবদাংগুৰী গাওঁখনক স্বচ্ছ আৰু সেউজ গাঁও হিচাপে চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে ।

অনাময় সমিতি আৰু হেল্প এণ্ড হেণ্ডচ নামৰ বেচৰকাৰী সংস্থা টোৱে এইবেলি বিজনীত লক্ষ্মী পূজাৰ মেলাত লাদাংগুৰী গাওঁখনক প্ৰদৰ্শনী হিছাপে দাঙি ধৰিব । লগতে জন-স্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা বিজনীৰ কুকলুং অঞ্চলত যিবোৰ পানী যোগান আঁচনী আছে তাৰে এক প্ৰতিছবি দাঙি ধৰিব । কদম গুৰি হেল্পেং হেণ্ডচ নামৰ বেচৰকাৰী সংস্থাটোৱে বিভিন্ন জিলাত প্ৰদৰ্শনী কৰি আহিছে আৰু শুনাম অৰ্জন কৰিছে ।এইবেলিও বিজনী লক্ষ্মী মেলাত শুনাম অৰ্জন কৰিব বুলি আশা কৰিছে কদম গুৰি হেল্পেং হেণ্ডচ নামৰ বেচৰকাৰী সংস্থাটোৱে ।

বিজনীত এই বেলিও ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অহা বুধবাৰৰ পৰা আৰম্ভ হ’ব ৰজাদিনীয়া শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা । সমগ্ৰ বিজনী চহৰ ব্যাপী অনুষ্ঠিত হবলগীয়া এই পূজা আৰু মেলাক কেন্দ্ৰ কৰি এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে । তাহানিৰ বিজনীৰ ৰজা বিজিত নাৰায়ণে প্ৰতিষ্ঠা কৰা বিজনী ৰাজ ষ্টেটত তেঁওৰ ৰাজবংশৰ পৰৱৰ্তী ৰজাৰ পৃষ্ঠপোষকতাত বিজনীত এই লক্ষ্মীপূজা আৰু মেলাৰ শুভাৰম্ভ হয়৷ বিগত বছৰৰ দৰে এইবেলি ১২৭ সংখ্যক পূজা আৰু মেলাত আৰম্ভ হব।

Next Story
চাকৰি