Begin typing your search above and press return to search.
চিৰাঙত দুই দুৰ্ধৰ্ষ এনডিএফবিৰ লিংকমেন গ্ৰেপ্তাৰ

চিৰাঙত সেনা-আৰক্ষীৰ অভিযানত দুই দুৰ্ধৰ্ষ এন ডি এফ বিৰ লিংকমেন গ্ৰেপ্তাৰ । তেত্ৰিমা বসুমতাৰী আৰু সমদন ইশৱাৰী নামৰ গ্ৰেপ্তাৰ সদস্য দুজনে দীৰ্ঘ দিনৰ পৰাই এনডিএফ বিৰ পলাতক দুৰ্ধৰ্ষ নেতা বিনোদ বসুমতাৰী ওৰফ বাথাৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি বিভিন্ন দিশত সহায়-সহযোগিতা কৰি আছিল । ৰুনিখাতা থানাৰ অন্তৰ্গত গৌজনপুৰিত ঘৰ তেত্ৰিমাৰ আৰু সমদনৰ ঘৰ ভূৰ তিনালি বুলি জনায় সেনাবাহিনীয়ে । গ্ৰেপ্তাৰ সদস্য দুজনৰ পৰা হস্ত নিৰ্মিত দুটা পিস্থল সহ চাৰিজাই সজিৱ গুলি জব্দ কৰাৰ লগতে দুয়োজনক গ্ৰেপ্তাৰ কৰি ৰুনিখাতা থানাত গতাই দিছে অধিক সোধপোছৰ বাবে । দুয়োজন সদস্যই এন ডি এফ বিৰ হৈ ধন দাবী আৰু সদস্য ভৰ্তি অভিযানত সহায় কৰা বুলি সেনাবাহিনী সুত্ৰে প্ৰকাশ ।
Next Story