অসম ৰাজ্যিক চিৰিয়াখানাত এতিয়া কেনাইন ডিছটেম্পাৰ নামৰ এবিধ ভাইৰাচৰ আতংক চলিছে। চিৰিয়াখনত যোৱা দহ দিনত কেনাইন ডিছটেম্পাৰ ভাইৰাছৰ সংক্ৰমণত মৃত্যু মুখত পৰিছে ৮টা শিয়াল। ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে শিয়ালৰ । ভাইৰাছত আক্ৰান্ত হৈ হঠাৎ ইমান সংখ্যক শিয়ালৰ মৃত্যু হোৱাৰ লগে লগে চিন্তাত পৰিছে চিৰিয়াখানা কর্তৃপক্ষ। এই ভাইৰাছ যাতে আন জন্তুৰ শৰীৰলৈ সংক্ৰমণ নহয় ইয়াৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষই জন্তু সমূহক ভেকচিন প্ৰদান কৰিছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰিয়াখানাত উপস্থিত হৈ সমগ্ৰ ঘটনা সৰ্ন্দভত চিৰিয়াখানা কৰ্তৃপক্ষৰ সৈতে আলোচনাতো মিলিত হয়। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী নৱ কুমাৰ দলে আৰু বিধায়িকা আঙুৰলতা ডেকাও।
Begin typing your search above and press return to search.