Begin typing your search above and press return to search.

চি ভোটাৰ-আই এ এন এচৰ এগজিট প'লৰ সমীক্ষা: এনডিএ লাভ কৰিব ২৮৭ খন আসন আৰু ইউ পি এয়ে লাভ কৰিব ১২৮ খন আসন

চি ভোটাৰ-আই এ এন এচৰ এগজিট পলৰ সমীক্ষা: এনডিএ লাভ কৰিব ২৮৭ খন আসন আৰু  ইউ পি এয়ে  লাভ কৰিব ১২৮ খন আসন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 May 2019 7:36 AM GMT

চি ভোটাৰ - আই এ এন এচয়ে প্ৰকাশ কৰা এগজিট প'লৰ মতে লোকসভা নিৰ্বাচনত ২৮৭ আসন লাভৰে পুনৰ চৰকাৰ গঠন কৰিব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ খনে কিন্তু বিজেপিয়ে আশা কৰা ২৩৬ খন আসনৰ সংখ্যা হ্ৰাস হব পাৰে বুলি প্ৰকাশ কৰে।

১৯ মেৰ ৪ বজালৈকে পোৱা ডাতাৰ ওপৰত ভিত্তি কৰি উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিৰ মিত্ৰজোট মহাগতবন্ধনে ৪০ খন আসন লাভ কৰিব ।আনহাতে ২০১৪ চনত বিজেপিয়ে লাভ কৰা ৭১ খন আসনৰ পৰা ৩৮ খনলৈ হ্ৰাস পাব বুলি প্ৰকাশ কৰে ।

২০১৪ চনত বিজেপি লাভ কৰা ২৮৩ খন আসনৰ পৰা ২৩৬ খন আসনলৈ হ্ৰাস পাব বুলি প্ৰকাশ কৰিছে ।এন ডি এয়ে ৪২.৩ শতাংশ লাভ কৰাৰ লগতে ইউ পি এয়ে ২৯.৬ শতাংশ আৰু অন্যান্যয়ে ২৮.১ শতাংশ লাভ কৰিব ।কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ খনে লাভ কৰিব ১২৮ খন আসন। ২০১৪ চনত ৫৯ খন লাভ কৰিছিল ।

পশ্চিম বংগত এন ডি এ চৰকাৰে ১১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । ২০১৪ চনত এন ডি এ চৰকাৰে লাভ কৰিছিল ২ খন আসন।

উত্তৰ প্ৰদেশ বিহাৰত ৩৩ খন বিজেপিয়ে লাভ কৰাৰ সম্ভাৱনা আছে । আনহাতে এন ডি এ মিত্ৰজোটে ২০ খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে সমীক্ষাত ।মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে ২৯ খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে ।

অন্ধ্ৰ প্ৰদেশত ৱাই এচ আৰ কংগ্ৰেছে ১১ খন আসন লাভ কৰাৰ বিপৰীতে টি ডি পিয়ে ১৪ খন আসন লাভ কৰিব বুলি সমীক্ষাত প্ৰকাশ কৰে।

এগজিট প'লৰ সমীক্ষা মতে বিজেপিয়ে যদি ৱাই এছ আৰ কংগ্ৰেছ, বিজেডি আৰু টি আৰ এচ আৰু দ্য এন ডি এ টেলি মিত্ৰতা কৰে তেনে বিজেপিৰ আসন ৩২৩ লৈ বৃদ্ধি পাব ।

আনহাতে ইউ পি এয়ে এ আই ইউ ডি এফ আৰু এল ডি এফ আৰু এম জি বি আৰু টি এম চিৰ লগত মিত্ৰতা কৰিলে মুঠ ২০৩ খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি